অসম

assam

ETV Bharat / state

ধুবুৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

অসমৰ ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তত পালন কৰা হয় স্বামী বিবেকানন্দৰ ১৫৮ সংখ্য়ক জন্ম দিৱস আৰু "ৰাষ্ট্ৰীয় যুৱ দিৱস" । শ্ৰীশ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমত স্বামী বিবেকানন্দৰ জন্ম দিৱসকলৈ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিলে "বিবেকালম" নামৰ এটি সামাজিক সংস্থাই । "টিম পৰিকল্পনা আৰু মুহূৰ্ত"ৰ উদ্যোগতো "ৰাষ্ট্ৰীয় যুৱ দিৱস"ৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাৰ আয়োজন কৰা হয় জিলাখনত ।

ধুবুৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন
ধুবুৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

By

Published : Jan 12, 2021, 8:45 PM IST

ধুবুৰী ,১২ জানুৱাৰী :প্ৰতিবছৰে স্বামী বিবেকানন্দৰ জন্ম দিনটো দেশত "ৰাষ্ট্ৰীয় যুৱ দিৱস" হিচাপে পালন কৰা হয় । মঙলবাৰেও দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হয় স্বামী বিবেকানন্দৰ ১৫৮ সংখ্য়ক জন্ম দিৱস আৰু "ৰাষ্ট্ৰীয় যুৱ দিৱস" । অসমৰ ধুবুৰী জিলাৰো ভিন্ন প্ৰান্তত পালন কৰা হয় এই দিৱস । ধুবুৰী চহৰৰ শ্ৰীশ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমটো স্বামী বিবেকানন্দৰ জন্ম দিৱসকলৈ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিলে "বিবেকালম" নামৰ এটি সামাজিক সংস্থাই । দিৱসৰ লগত সংগতি ৰাখি দুখীয়া পৰিয়ালৰ কণ-কণ ল'ৰা-ছোৱালীৰ মাজত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰাৰ উপৰিও খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । পিছত বিবেকানন্দ বিদ্যাপীঠত অধ্যয়ন কৰা প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্য়াহ্ন আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰে ৰামকৃষ্ণ সেৱাশ্ৰমৰ সদস্য সকলে । লগতে নৱ প্ৰজন্মৰ মাজত স্বামী বিবেকানন্দৰ আদৰ্শ জীয়াই ৰখাৰ বাবে আলোচনা সভাৰ আয়োজন কৰা হয় ।

ধুবুৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন
সমান্তৰালকৈ "টিম পৰিকল্পনা আৰু মূহুৰ্ত"ৰ উদ্যোগতো "ৰাষ্ট্ৰীয় যুৱ দিৱস"ৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাৰ আয়োজন কৰা হয় জিলাখনত । ধুবুৰী আৰক্ষীৰ সহযোগত সংগঠন দুটাই যুৱ প্ৰজন্মৰ মাজত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ সেৱন বন্ধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এখন সজাগতামূলক বাটৰ নাটো মঞ্চস্থ কৰে । অনুষ্ঠানত ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু তেওঁৰ পত্নী তথা "টিম পৰিকল্পনা"ৰ সভানেত্ৰী অৰ্চনা তিৱাৰীও উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details