অসম

assam

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Feb 28, 2020, 10:38 PM IST

ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বহি ৰাজ্যলৈ চোৰাং কাঠ দিনে নিশাই সৰবৰাহ হৈ অহাৰ অভিযোগ দীৰ্ঘ দিনীয়া। তেনে সময়তে শুকুৰবাৰে ধুবুৰী জিলাৰ সীমান্তত পৰ্বতঝোৰা অঞ্চলৰ বগৰীবাৰীত জব্দ হয় চালান বিহীন কাঠ ভৰ্তি এখন ১২ চকীয়া ট্ৰাক |

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ধুবুৰী,28 ফেব্ৰুৱাৰীঃকয়লা,চুপাৰী,গৰু ছিণ্ডিকেট চক্ৰৰ সমান্তৰালে ৰাজ্যত সক্ৰিয় চোৰাং কাঠ ব্যৱসায়ী ছিণ্ডিকেট চক্ৰ। শুকুৰবাৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক হ'ল তিনিজন লোক।

ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বহি ৰাজ্যলৈ চোৰাং কাঠ দিনে নিশাই সৰবৰাহ হৈ অহাৰ অভিযোগ দীৰ্ঘ দিনীয়া। তেনে সময়তে শুকুৰবাৰে ধুবুৰী জিলাৰ সীমান্তত পৰ্বতঝোৰা অঞ্চলৰ বগৰীবাৰীত জব্দ হয় চালান বিহীন কাঠ ভৰ্তি এখন ১২ চকীয়া ট্ৰাক | বগৰীবাৰী আৰক্ষীয়ে অভিযান চলাই ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত জব্দ কৰিবলৈ সক্ষম হয় কাঠ ভৰ্তি ট্ৰাক খন| আৰক্ষীয়ে জব্দ কৰা পাইন কাঠ ভৰ্তি ট্ৰাক খনৰ নম্বৰ NL-01L-8395

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
লগতে আৰক্ষীৰ অভিযানত আটক হয় চালক হেণ্ডিমেনসহ কাঠ ব্যৱসায়ী চক্ৰৰ এজন সদস্য | ইফালে আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক ৰঞ্জিত সিং (জম্মু),হেণ্ডিমেন অজয় কুমাৰ(জম্মু) আৰু কাঠ ব্যৱসায়ী চক্ৰৰ সদস্য পিংকু তালুকদাৰ (মূকালমুৱা, নলবাৰী)। মেঘালয়ৰ বৰাপানীৰ পৰা ধুবুৰী অভিমুখী আহি আছিল কাঠ ভৰ্তি ট্ৰাক খন |লগতে চাওকঃ

লাওখোৱা অভয়াৰণ্যৰ বন শিবিৰ এলেকাত উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details