অসম

assam

ETV Bharat / state

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

প্ৰতিবছৰে দক্ষিণ শালমাৰা অঞ্চলৰ মানচিত্ৰ সলনি কৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ কানষাৰ নাই চৰকাৰ, জিলা প্ৰশাসন তথা জন প্ৰতিনিধিৰ ৷ ক্ষোভিত জনসাধাৰণ ৷

dangerous errosion brahmputra river at dhuburi
দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

By

Published : May 29, 2020, 1:17 PM IST

ধুবুৰী, 29মে' :দক্ষিণ শালমাৰাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ চপৰা চপৰে খহি বৰলুইতৰ বুকুত জাহ গৈছে ইখনৰ পিছত সিখন গাঁৱৰ লগতে বজাৰ হাত আৰু শিক্ষানুষ্ঠান ৷ ৰাজ্যত মূষলধাৰ বৰষুণৰ ফলত বিভন্ন ঠাইত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ইপিনে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ ৷

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

দক্ষিণ শালমাৰাৰ সমষ্টিৰ ঐতিহাসিক পাটাকাটা বজাৰখন চপৰা চপৰে খহাৰ ফলত কেইবাখনো দোকান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ৷ ইপিনে ইখনৰ পিছত সিখন দোকান পানীত জাহ যোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় জনতাই ৷ চৰকাৰলৈ বাট নাচাই নিজে গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লৈছে ৰাইজে ৷ আনহাতে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনী ডাউৱাকানদিত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

বিগত বৰ্ষসমূহত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি প্ৰতি মুৰ্হূততে সমষ্টিটোৰ মানচিত্ৰ সলনি কৰি আহিছে । প্ৰতি বছৰে গৃহহাৰা হৈছে শ শ পৰিয়াল ৷ লক্ষণীয় বিষয় যে, চৰকাৰীভাৱে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে যদিও প্ৰকৃতাৰ্থত সেয়া সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনত পৰিণত হৈছে । গৰাখহনীয়া প্ৰতিৰোধৰ নামত একাংশ বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰহে পকেট গৰম হৈছে । এতিয়া চৰকাৰে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ ৰহাত কলঙ নৈৰ পানীয়ে সলালে বৰণঃ কি ইয়াৰ ৰহস্য ?

ABOUT THE AUTHOR

...view details