ধুবুৰী, ১৭ অক্টোবৰ :ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহনীয়াৰ কালৰূপ(Erosion in Assam) । ধুবুৰীতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই(Erosion in Dhubri) । ধুবুৰীৰ কাতলামাৰী চৰ অঞ্চলত লুইতৰ ভয়ংকৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে । চৰকাৰে লুইতৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত সোমবাৰে ৰাইজে কৰিলে সমূহীয়া প্ৰাৰ্থনা । আল্লাহৰ ওচৰত সমুহীয়া দোৱাৰে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰে ৰাইজে(Community prayers in Dhubri) ৷
ধুবুৰী জিলাৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলত লুইতৰ কালৰূপী গৰাখহনীয়াৰ ফলত অতিষ্ঠ হৈ পৰা স্থানীয় সহস্ৰাধিক লোকে সোমবাৰে লুইতৰ পাৰত আল্লাহৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । পদ্মেৰ আলগা পঞ্চায়তৰ কাতলামাৰীত লুইতৰ খহনীয়াৰ কবলত পৰিছে শতাধিক পৰিয়ালৰ বাসগৃহ । ফলত স্থানীয় ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে ৷
স্থানীয় সাংসদ-বিধায়কৰ ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিত ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰ, জিলা প্ৰশাসন আৰু স্থানীয় সাংসদ-বিধায়কৰ ওপৰত আস্থা হেৰুৱাই গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এনেকৈয়ে কাতলামাৰী অঞ্চলৰ লুইতৰ পাৰত খতমে কোৰান আৰু সমূহীয়া দোৱা অনুষ্ঠিত কৰে ৷ ইফালে দুমাহৰ ভিতৰত পদ্মেৰ আলগা, কাতলামাৰী অঞ্চলৰ লুইতৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰা নহলে অঞ্চলটোত বিধায়ক সাংসদৰ প্ৰবেশ নিষিদ্ধ তথা ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে ৷