গোলোকগঞ্জ,27 মেঃ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে জ্বলিছে অসম-বংগ সীমান্ত ৷ এটাৰ পিচত আন এটা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত উদ্ধাৰ হৈছে বোমা,যাঠি,জোং ইত্যাদি ৷ দেওবাৰে কোচবিহাৰ লোকসভা সমষ্টিৰ অসম বংগ সীমান্তৰ তৃণমূল কংগ্ৰেছৰ এটা কাৰ্যালয়ত বৃহৎ পৰিমাণৰ চোকা অস্ত্ৰ উদ্ধাৰ হোৱাৰ পাচতে সোমবাৰে পুনৰ ছাগলীয়াৰ সমীপৰ বক্সিৰহাটৰ আন এটা কাৰ্যালয়ত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ হস্তনিৰ্মিত বোমা ৷ গোপন খবৰৰ ভিত্তিত আজি স্থানীয় ৰাইজৰ লগতে বিজেপি কৰ্মী সকলে কাৰ্যালয়টোত চলোৱা অভিযানত কাৰ্যালয়ৰ বাহিৰত হাতে বনোৱা চাৰিটা বোমাৰ লগতে মোনাৰ ভিতৰত উদ্ধাৰ হয় শতাধিক সৰু বৰ বোমা ৷ লগতে কাৰ্যালয়টোৰ পৰা উদ্ধাৰ হয় বহু পৰিমাণৰ যাঠি,জোং ৷
তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত উদ্ধাৰ হস্তনিৰ্মিত বোমা - BOMB RECOVER
আৰক্ষীৰে মিলি তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অভিযোগ বিজেপি কৰ্মীৰ ৷
ৰাজনৈতিক দলৰ কাৰ্যালয়ত উদ্ধাৰ হস্তনিৰ্মিত বোমা
ঘটনা সন্দৰ্ভত বক্সিৰহাট আৰক্ষীক খবৰ দিয়াৰ পাচতো সময়ত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে বিজেপি কৰ্মী সকলে ৷ তৃণমুল কংগ্ৰেছৰ কৰ্মীয়ে আৰক্ষীৰে মিলি সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ চেষ্টা চলাই আছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে বিজেপি কৰ্মী সকলে ৷