অসম

assam

ETV Bharat / state

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল

উৰিষ্যাত ফেনী ধুমুহাই কালৰূপ ধাৰণ কৰাৰ পাচত বাংলাদেশ, পশ্চিমবংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ফেণী ঘূৰ্ণী বতাহ । ইতিমধ্যে  শনিবাৰে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ ধুবুৰী তথা অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। সেইমতে ধুবুৰী জিলা প্ৰশাসনে নদী পথৰ লগতে সমগ্ৰ ধুবুৰী জিলাত জাৰি কৰিছে হাই এলাৰ্ট ।

By

Published : May 3, 2019, 3:16 PM IST

Updated : May 3, 2019, 5:53 PM IST

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল

ধুবুৰী,3 মেঃ ফেনী আগমণৰ সম্ভাৱনীয়তাক লৈ ধুবুৰীত হাই এলাৰ্ট জাৰি । জিলা প্ৰশাসনে নদী পথত বন্ধ কৰি দিছে নাওঁ চলাচল । যি কোনো মুহূৰ্ততে ফেনী ঘূৰ্ণী বতাহে কোবাই যাব পাৰে ধুবুৰীক। উৰিষ্যাত ফেনী ধুমুহাই কালৰূপ ধাৰণ কৰাৰ পাচত বাংলাদেশ,পশ্চিমবংগ হৈ ধুবুৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ফেণী ঘূৰ্ণী বতাহ । ইতিমধ্যে শনিবাৰে এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ ধুবুৰী তথা অসমত পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। সেইমতে ধুবুৰী জিলা প্ৰশাসনে নদী পথৰ লগতে সমগ্ৰ ধুবুৰী জিলাত জাৰি কৰিছে হাই এলাৰ্ট । ইপিনে এনে স্পৰ্শকাতৰ আৰু জৰুৰীকালীন সময়ত ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ত দিনৰ এঘাৰ বজালৈকে কোনো বিষয়া উপস্থিত নথকাৰ লগতে তলা ওলমি থকা দেখা গ'ল ধুবুৰী বতৰ বিজ্ঞান কেন্দ্ৰত। একেই অৱস্থা ধুবুৰী দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যালয়তো। হাই এলাৰ্ট জাৰি কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে।

ফেনীৰ বাবে ধুবুৰীত বন্ধ নাও চলাচল


ইপিনে জিলা প্ৰশাসনে নদী পথত হাই এলাৰ্ট জাৰি কৰিছে যদিও নাও চালকসকল অৱগত নোহোৱাৰ ফলত শ শ যাত্ৰী লৈ নদী পথত চলাচল কৰি আছে নাও। অৱশ্যে আজি দিনৰ দুই বজাৰ ভিতৰত নদী পথত নাও চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে ফেনীক লৈ সম্পূৰ্ণৰূপে এলাৰ্ট হৈ থাকিব বুলি উল্লেখ কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াই। উল্লেখ্য যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলত চাৰি মে'ত হাই এলাৰ্ট জাৰি কৰিছে যদিও আজি যি কোনো মুহূৰ্তত ধুবুৰীৰ লগতে অসমক ফেনী ঘূৰ্ণী বতাহে কোবাই যাব পাৰে বুলি ধাৰণা কৰা হৈছে।

Last Updated : May 3, 2019, 5:53 PM IST

ABOUT THE AUTHOR

...view details