ধুবুৰী, 14 এপ্ৰিল : ৰঙালী বিহুকলৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাথো আনন্দৰ বন্যা ৷ চ'ত-ব'হাগৰ সংক্ৰান্তিত আজি গৰু বিহু উদযাপন কৰি আনন্দত মতলীয়া হৈ পৰিল ৰাজ্যবাসী ৷
চৌদিশে এতিয়া কেৱল মাথো ৰঙালীৰ উচাহ-উদ্দীপনা
ধুবুৰী জিলাৰ বিলাসীপাৰাত চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদিৰ ৰাইজ একত্ৰিত হৈ উদযাপন কৰিলে ৰঙালীৰ
ধুবুৰী জিলাৰ বিলাসীপাৰাত ৰঙালীৰ উচাহ
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদি চাৰিটা অঞ্চলৰ ৰাইজ একত্ৰিত হৈ পালন কৰিছে ৰঙালী বিহুৰ ৷ বৃহত্তৰ অঞ্চলটোৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ৰঙালি বিহুৰ ।