পূৱ বিলাসীপাৰা, ১২ জুলাই:১৯৮৮ চনত চম্পাৱতী উপ-স্বাস্থ্য কেন্দ্ৰত এএনএম কৰ্মী হিচাপে যোগদান কৰা শিলচৰৰ উষা বিশ্বাস নামৰ মহিলাগৰাকী সেই সময়ৰ পৰাই সাহানুৰ ইছলামৰ ঘৰত প্ৰথম অৱস্থাত আছিল এগৰাকী ভাৰাতীয়া হিচাপে । পৰৱৰ্তী সময়ত দুয়োখন ঘৰৰ মাজত এক সু সম্পৰ্ক গঢ়ি উঠাৰ পিছত তেওঁৰ ঘৰৰ কাষৰ মাটি এডোখৰ দিছিল স্থায়ীভাৱে বসবাস কৰিবলৈ । উষা বিশ্বাস নামৰ মহিলা গৰাকী বিবাহপাশত আৱদ্ধ হৈছিল যদিও নাছিল কোনো সতি-সন্তান । ২০১০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মহিলাগৰাকীৰ স্বামীৰো কেইবছৰ মান পূৰ্বে মৃত্যু হৈছিল । পৰৱৰ্তী সময়ত মহিলাগৰাকী আক্ৰান্ত হৈছিল কৰ্কট ৰোগত ।
কিন্তু মহিলাগৰাকীক অকলশৰীয়া হ'ব নিদিলে সাহানুৰৰ পৰিয়ালটোৱে । চিকিৎসাৰ লগতে জীৱনৰ বিয়লি বেলালৈকে সাহানুৰৰ ঘৰখনে আপোন কৰি ৰাখিলে উষা বিশ্বাসক । অৱশেষত শনিবাৰে ইহ সংসাৰ ত্যাগ কৰি অজান দেশলৈ গুচি গ'ল উষা বিশ্বাস নামৰ এই মহিলাগৰাকী । তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ মাত্ৰকে মৃতকৰ সৎকাৰৰ বাবে সাহানুৰৰ পৰিয়ালটোৰ কাষ চাপিলেহি ৰঙামাটিৰ হিন্দু আৰু মুছলমান সমাজৰ ৰাইজসকল । উপস্থিত লোকসকলে সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে মহিলাগৰাকীৰ এগৰাকী ভতিজাৰ দ্বাৰা মুখাগ্নি কৰাই বহলপুৰৰ শ্মশান ঘাটত কৰিলে অন্তিম সৎকাৰৰ ব্যৱস্থা ।