অসম

assam

By

Published : Jul 2, 2023, 8:20 AM IST

ETV Bharat / state

Tree plantation at Dhemaji DIET : সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ধেমাজি ডায়েটত গছপুলি ৰোপণ কাৰ্যসূচী । গছপুলি ৰোপণেৰে স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস বিদায়ী শিক্ষাৰ্থীৰ ।

Tree plantation programme by Ex students of DIET
সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ধেমাজি ডায়েটত গছপুলি ৰোপণ কাৰ্যসূচী

জোনাই, 2 জুলাই :সেউজ এখন পৃথিৱীৰ বাবে ধেমাজি শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটৰ বিদায়ী শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে আদৰণীয় পদক্ষেপ ৷ শুকুৰবাৰে হঠাতে শিক্ষানুষ্ঠানখনত উপস্থিত হ'ল এদল বিদায়ী শিক্ষাৰ্থী । ধেমাজি শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা 2021-23 শিক্ষা বৰ্ষৰ বিদায়ী শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠান কৰ্তৃপক্ষক আগতীয়াকৈ কোনো খা-খবৰ বা পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ অবিহনেই হাতে হাতে গছৰ পুলি লৈ শিক্ষানুষ্ঠানখনত উপস্থিত হ’ল ৷

আম, জামু, কঁঠাল, আমলখি, কৰ্দৈ, কৃষ্ণচূড়াৰ পুলি ৰোপণৰ উদ্দেশ্যৰে আহিল শিক্ষাৰ্থীসকলে । লগতে হাতত লৈ আহিল ৰোপণৰ বাবে প্ৰয়োজনীয় বাঁহ, দা-কটাৰী আৰু জেউৰা আদি সামগ্ৰী । ডায়েটৰ বিশাল চৌহদত শাৰী শাৰীকৈ শিক্ষাৰ্থীসকলে ৰোপণ কৰিলে বিভিন্ন ফল আৰু ফুলৰ পুলি । প্ৰতিটো পুলিয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ স্মৃতি যুগমীয়া কৰি ৰাখিব বুলি মন্তব্য আগবঢ়ায় ডায়েট ধেমাজিৰ ছাত্ৰ কল্যাণ পৰিষদৰ সম্পাদক চক্ৰৱৰ্তী বৰগোহাঁইয়ে ।

প্ৰকৃতিত থকা সমস্ত জীৱকুল বৰ্তি থাকিবলৈ গছৰ বিকল্প একো নাই বুলি মন্তব্য কৰি ডায়েট কৰ্তৃপক্ষই এই পদক্ষেপৰ বাবে বিদায়ী শিক্ষাৰ্থীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ডায়েটৰ জ্যেষ্ঠ প্ৰৱক্তা ভূপেন দাসে । দুটা বছৰে দুৰ্মূল্য শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ প্ৰতিদান হিচাপে দিবলৈ একোৱেই নাই। শিক্ষাৰ্থী জীৱনৰ স্মৃতি ৰাখি যাবলৈ সাধ্যমতে কিছু গছৰ পুলি ৰোপণৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ল বুলি মন্তব্য আগবঢ়ায় বিদায়ী শিক্ষাৰ্থী শৰ্মা মিলিয়ে ।

ডায়েটৰ শিক্ষাৰ্থীসকলে নিজা নিজা দায়ৱদ্ধতা প্ৰদৰ্শন কৰি কেৱল পুলিৰোপণ কৰাই নহয় সময়ে সময়ে পুলিবোৰ চোৱাচিতাও কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । কাৰ্যসূচীৰ শেষত ধেমাজি ডায়েটৰ অধ্যক্ষ হৰিনাথ বৰাই বিদায়ী শিক্ষাৰ্থীসকলক তেওঁলোকৰ পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Constituency delimitation : মূলসুঁতিৰ অসমীয়াৰ সৈতে সম্পৰ্ক নথকাবোৰেহে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰিব

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details