ধেমাজি,6 জুন:ৰাজ্যজুৰি কৰ'ণাই সংহাৰী ৰূপ ধাৰণা কৰাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ কম-বেছি পৰিমাণে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ আন আন ব্যৱসায়ৰ লগতে লকডাউনৰ কবলত পৰি বাৰুকৈয়ে প্ৰভাৱিত হৈছে ৰাজ্যৰ নাৰ্ছাৰীসমূহো ৷ বিগত বছৰসমূহত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্যৰ নাৰ্ছাৰীসমূহত ভিৰ কৰিছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াসকলে ৷ কিন্তু এইবেলি কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে নাৰ্ছাৰীসমূহত দেখা নগ'ল ক্ৰেতা অথবা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৷
একেই পৰিৱেশ ধেমাজি নগৰৰ সমীপৰ তেলিজানস্থিত অন্যতম বিষ্ণুপ্ৰিয়া নাৰ্ছাৰীত ৷ বিভিন্ন সময়ত ক্ৰেতাৰে ভৰি থকা নাৰ্ছাৰীখনত এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত দেখা গ'ল উকা পৰিৱেশ ৷ নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী দেৱেন দত্তই জনোৱা মতে, বিশ্ব পৰিৱেশ দিৱস বুলিয়েই বিভিন্ন ফুলৰ 40-50 টা প্ৰজাতি, 200 ৰো অধিক আলংকাৰিক গছপুলি আৰু 15-20 বিধ মূল্যৱান বৃক্ষজাতৰ গছপুলি ৰাখিছিল যদিও মন্দা হৈ থাকিল ব্যৱসায় ৷