জোনাই, ৬ জুলাই :জোনাইত এজাক বৰষুণতে পুনৰ জহি-খহি গৈছে নিৰ্মীয়মান অৱস্থাত থকা কোটি টকীয়া মথাউৰি (Embankment construction scam at Jonai ) ৷ ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই জলসম্পদ বিভাগ তথা ঠিকাদাৰৰ ৷ এই অভিযোগ জোনাইবাসীৰ ৷
তথ্য অনুসৰি, জোনাইৰ বেৰাচাপৰি অঞ্চলক চিয়া-লালী নৈৰবান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে কেবাকোটি টকা ব্যয় কৰি বেৰা চাপৰিৰ বেৰামাজ গাঁৱৰ পৰা শান্তিপুৰলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰিৰ নিৰ্মাণ কাম অব্যাহত ৰাখিছে ৷ কিন্তু অভিযোগ মতে, এই মথাউৰিৰ নিৰ্মাণৰ কামত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি (Jonai embankment scam) ৷