জোনাই, 20 এপ্ৰিল :ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ মাজতে বিভিন্ন সময়ত পোহৰলৈ আহিছে দুৰ্নীতিৰ বিভিন্ন তথ্য ৷ বৰ্তমান ধোঁৱাচাঙত উঠিছে প্ৰধানমন্ত্ৰী মোডীৰ স্বপ্নৰ ‘‘জল জীৱন আঁচনি’’ (Jal Jeevan Mission in Assam) । এইবাৰ এই অভিযোগ উত্থাপন কৰিছে জোনাইবাসী ৰাইজে ৷
‘‘ঘৰ ঘৰ নল, হৰ ঘৰ নল’’ আদি শ্ল’গানসমূহ যেন বৰ্তমান এক প্ৰহসনতহে পৰিণত হৈছে জোনাইত (Poor implementation of Jal Jeevan Scheme at Jonai) । কিয়নো জোনাইবাসীয়ে অভিযোগ কৰা অনুসৰি, জোনাইৰ বিভিন্ন প্ৰান্তত জল জীৱন আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুর্নীতি-অনিয়ম ।
জোনাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জোনাই উপ সংমণ্ডলৰ অধীনত বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ব্যয় সাপেক্ষে নির্মাণ কৰি থকা হৈছে জল জীৱন আঁচনিসমূহ ৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে, জোনাইৰ 2 নং ঐৰামঘাটত নিৰ্মীয়মান জল-জীৱন আঁচনিৰ পকী দেৱালয়ত মেলিছে এতিয়া চিৰাল ফাঁট ৷