অসম

assam

ETV Bharat / state

Road Blocked in Dhemaji: ধেমাজিৰ ভজো গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বানাক্ৰান্তৰ

ধেমাজিৰ ভজো গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ক্ষোভিত বানাক্ৰান্তই ৷ চেনেল কাটিং নোহোৱাৰ বাবেই বাৰিষা প্ৰৱল বৰষুণ হ’লেই ভজো গাওঁৱাসীয়ে বানত ককবকাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷

NH 15 Blocked by Flood Victims in Dhemaji
ধেমাজিৰ ভজো গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

By

Published : Jul 8, 2023, 3:20 PM IST

15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বানাক্ৰান্তৰ

ধেমাজি, 8 জুলাই: ধেমাজিৰ ভজো গাঁৱত জীয়াঢলৰ কাংকু সুঁতিয়ে প্লাৱিত কৰিছে জীয়াঢলৰ বিস্তীৰ্ণ অঞ্চল ৷ শনিবাৰৰ দিনটোত পানীৰ পৰিমাণ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি আছে বাঢ়নী পানী ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত ঘাইপথটোত সৃষ্টি হৈছে দ’ গাঁতৰ ৷ ফলস্বৰূপে ঘাইপথটোত পৰি আঘাতপ্ৰাপ্ত হ’ব লগীয়া হৈছে বিভিন্ন আৰোহীয়ে ৷

শুকুৰবাৰে প্ৰশাসনে ঘাইপথটোত অস্থায়ীকৈ বল্ডাৰ দি প্ৰতিৰোধৰ চেষ্টা চলায় যদিও পথটোৰ আন পাৰে বহু লোকৰ চোতালত একাঠু পৰ্যন্ত পানী জমা হয় ৷ ইফালে চেনেল কাটিং নোহোৱাৰ বাবেই বাৰিষাকালত প্ৰৱল বৰষুণ হ’লেই ভজো গাওঁৱাসীয়ে বানত ককবকাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ৰাইজৰ এই সমস্যা দূৰ কৰাৰ বাবে প্ৰশাসনক বাৰাম্বাৰ দাবী জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ বাবেই পুনৰ পানীৰ সৈতে সহৱস্থান কৰিবলগীয়া হোৱাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷

সেয়েহে বানাক্ৰান্ত ৰাইজক এটুপি বিশুদ্ধ খোৱাপানী যোগান নধৰা আৰু নদীৰ সুঁতি বন্ধ কৰি চেনেল কাটিঙৰ ব্যৱস্থা নকৰা লগতে পানী বাগৰা অংশ মেৰামতি নকৰাৰ অভিযোগ তুলি শনিবাৰে ভজো গাৱঁত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷

ইফালে জিলা প্ৰশাসনৰ হৈ অৱৰোধ স্থলীত উপস্থিত হোৱা ধেমাজি ৰাজহ চক্ৰ বিষয়াক ঘেৰাও কৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে দাবী জনায় ৰাইজে ৷ অৱশ্যে বহু সময় ধৰি বুজনি দি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে আশ্বস্ত কৰাতহে পথ মুকলি কৰি দিয়ে ৰাইজে ৷ ইফালে দীৰ্ঘ সময় ধৰি ঘাইপথটো অৱৰোধ হোৱাৰ ফলত ঘাইপথত আৱদ্ধ হৈ পৰে শ শ যানবাহন ৷

উল্লেখযোগ্য যে, বিগত সপ্তাহত ৰাজ্যৰ বান পৰিস্থিতিৰ কিছু উন্নত হৈছিল যদিও শনিবাৰে পুনৰ 6 খন জিলা প্ৰৱল বানৰ কবলত পৰিছে ৷

লগতে পঢ়ক :Assam Flood Report: পুনৰ ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি; বানৰ কবলত ৰাজ্যৰ 6 খন জিলা

ABOUT THE AUTHOR

...view details