ধেমাজি, 3 ছেপ্টেম্বৰ:অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ কেবাখনো গাঁও পৰিদৰ্শন কৰে (Minister Jayanta Malla Baruah visited Assam Arunachal border)৷
উল্লেখযোগ্য যে অসম-অৰুণাচল সীমান্তত থকা এই গাঁওসমূহৰ সীমা সমস্যাক লৈ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সঘনাই সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় । এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল(Resolving Assam Arunachal border disputes ) । এই দীৰ্ঘদিনীয়া সীমা সমস্যাটো সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে । ইফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মাজত এই বৈঠকত অনুষ্ঠিত হৈছিল ।
বৈঠকৰ পিছতে যোৱা কেইবাদিন ধৰি দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে আলোচনা অব্যাহত আছে প্ৰতিনিধি দলৰ । এই আলোচনাৰ জৰিয়তে অসমৰ সীমা সমস্যা সমাধান আৰু অৰুণাচল সীমা বিবাদ নিষ্পত্তি কৰা শীঘ্ৰে তাৰ বাবে সঘনাই ৰাজ্য দুখনৰ প্ৰশাসনিক বিষয়া মন্ত্ৰী বিধায়কৰ উপস্থিতিত অব্যাহত ৰাখিছে আলোচনা ।