জোনাই, ৩০ আগষ্ট : জোনাই মহকুমাৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযোগত মঙলবাৰে সদৌ অসম কবি সন্মিলনৰ 'কবিতাৰ দিন' শীৰ্ষক এক কাব্যানুষ্ঠান অনুষ্ঠিত হয় (Kabitar din observed in Jonai) । মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাব্যানুষ্ঠান মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় (Kabitar din at Murkongselek College) ।
কাব্যানুষ্ঠানত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, বিশিষ্ট লেখক ড৹ মাণিক শইকীয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠসকলৰ পৰা নতুন প্ৰজন্মলৈ জ্ঞান চিৰ প্ৰবাহিত হৈ আছে বুলি উল্লেখ কৰি অসমীয়া কবিতাক বিশ্বমুখী কৰি তোলাৰ আহ্বান জনায় । সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে (poet Ujjwal Paogam) কবিতাক অধিক জনপ্ৰিয় আৰু জীৱনমুখী কৰিবলৈ অসমৰ চাৰিওকোণে 'কবিতাৰ দিন' পালন কৰি অহা বুলি মন্তব্য কৰে (Sadou Asom Kabi Sanmilan) ।
ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা 'চহা জীৱনৰ কবি' হিচাপে পৰিচিত কবি উৎপল দলেয়ে কবিসকল সূক্ষ্ম অনুভূতিপ্ৰৱণ বুলি উল্লেখ কৰি কবিতাই জীৱনক উপলব্ধি কৰিবলৈ শিকায় আৰু জ্ঞানে মানুহক প্ৰকৃত বাট দেখুৱায় বুলি মন্তব্য কৰে । জোনাই প্ৰেছ ক্লাবৰ (Jonai Press Club) সভাপতি ৰয়েল পেগুৱে উদেশ্য ব্যাখ্যা কৰি কবিতা সমাজ ৰূপান্তৰৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি কয়- কবিসকলে উৎকৃষ্ট কাব্য সৃষ্টিৰে এখন সুস্থ প্ৰগতিশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।