অসম

assam

ETV Bharat / state

কৃষকৰ ঋণ মাফ কৰিবলৈ দাবী উত্থাপন কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ

SBI জোনাই শাখাৰ পৰিচালক 10 ভিতৰত বদলিৰে চৰকাৰে কৃষকৰ KCC ঋণ মাফ কৰিবলৈ দাবী উত্থাপন কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ ৷

কৃষকৰ ঋণ মাফ কৰিবলৈ দাবী উত্থাপন কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ
কৃষকৰ ঋণ মাফ কৰিবলৈ দাবী উত্থাপন কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ

By

Published : Nov 8, 2020, 12:03 PM IST

জোনাই, 8 নৱেম্বৰ :জোনাই মহকুমা জোনাইস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত শনিবাৰে কৃষক অধিকাৰ সুৰক্ষা সমিতিয়ে কে.চি.চি ঋণ ৰেহাই দিয়াৰ সন্ধৰ্ভত, পি. এম কিষান নিধিৰ অধিকাৰ ঋণৰ সম্পৰ্কে, আৰু জোনাই ষ্টেট বেংকৰ বৰ্তমান কৰ্মৰত শাখা প্ৰবন্ধক গৰাকীয়ে গ্ৰাহকক প্ৰতাৰণা কৰা সন্দৰ্ভত এক সংবাদমেল যোগে অৱগত কৰে ৷ অভিযোগমতে ষ্টেট বেংকৰ জোনাই শাখাৰ পৰিচালক পংকজ কুমাৰ সিঙে বহু দিনৰ পৰা সাধাৰণ গ্ৰাহকৰ বাদেও জ্যেষ্ঠ নাগৰিককো বিভিন্ন সময়ত গালি-গালাজ কৰি দুৰ্ব্যৱহাৰ কৰি আহিছে ।

ইফালে অসমীয়া বুজি নোপোৱা শাখা পৰিচালক পংকজ সিঙে গ্ৰাহকে অসমীয়াত কিবা এটা ক'লে গালি গালাজ কৰি উলিয়াই দিয়ে বেংকৰ পৰা । ইয়াৰ উপৰিও পি. এম. কিষাণ নিধিৰ নামত প্ৰকৃত খেতিয়ক ঋণ প্ৰদান কৰিবলৈ বিত্তীয় প্ৰতিষ্ঠান সমূহলৈ চৰকাৰে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে যদিও জোনাই ষ্টেট বেংকৰ শাখা পৰিচালক পংকজ কুমাৰ সিঙে ঋণ দিয়াৰ নামত যাৱতীয় নথিপত্ৰ বিচাৰি চূড়ান্ত খেলিমেলিৰ সৃষ্টি কৰিছে । যাৰ ফলত জোনাই শাখা পৰিচালক পংকজ কুমাৰ সিঙৰ 10 দিনৰ ভিতৰত বদলি দাবী জনাইছে কৃষক অধিকাৰ সুৰক্ষা জোনাই সমিতিয়ে ৷

জোনাই শাখা পৰিচালক পংকজ কুমাৰ সিঙৰ 10 দিনৰ ভিতৰত বদলি নকৰিলে জোনাই কৃষক অধিকাৰ সুৰক্ষা সমিতিয়ে তলা বন্ধৰ কাৰ্যসূচী ৰূপায়নৰ কৰিব বুলি হুংকাৰ দিছে ৷ লগতে কে.চি.চি ঋণ ৰেহাই দিয়া, পি. এম কিষান নিধিৰ নামত 2 লাখকৈ মৌজাদাৰ বা কৃষি বিভাগৰ দ্বাৰা প্ৰদান কৰা মাটিৰ প্ৰমাণপত্ৰৰে দহ দিনৰ ভিতৰত কৃষি ঋণৰ দিবৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক :তুলসীবিলৰ আত্মহত্যাৰ বাসগৃহত উপস্থিত দুই কংগ্ৰেছ বিধায়ক

ABOUT THE AUTHOR

...view details