জোনাই, 21 জুলাই :ৰাজ্যত শেহতীয়া বানত বহু মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ছিগি গৈছে (Assam flood damaged embakment) । যাৰ ফলত নৈপৰীয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । শেহতীয়াভাৱে ৰাজ্যৰ মুখ্য়মন্ত্ৰীয়ে (Chief Minister Himanta Biswa Sarma) ক্ষতিগ্ৰস্ত মথাউৰিবোৰ অতি সোনকালে মেৰামতিৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজন মতে নতুন মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে জল সম্পদ বিভাগক (Water Resources Department of Assam) ।
আনহাতে, জল সম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি সেইবোৰা সোনকালে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ বিভাগটোক নিৰ্দেশ প্ৰদান কৰিছে (Water Resources Minister Piyush Hazarika) । কিন্তু তাৰ মাজতে বহু মথাউৰি মেৰামতি তথা নিৰ্মাণত বিসংগতিৰ কথা পোহৰলৈ আহিছে । লগতে স্থানীয় জল সম্পদ বিভাগৰ বিষয়া তথা ঠিকাদাৰসকলৰ হেমাহি তথা কমিছনৰ অংকত মথাউৰিবোৰ নিৰ্মাণত গাফিলতি কৰাৰো অভিযোগ উঠিছে ।
এইবাৰ তেনে এক অভিযোগ উঠিছে জোনাইত (Jonai embankment construction scame) । জোনাইত এজাক বৰষুণতে জহি-খহি গৈছে ৭ কোটিটকীয়া মথাউৰি ৷ বানাক্ৰান্ত জোনাইৰ বেৰা চাপৰি অঞ্চলক চিয়া-লালী নৈৰ বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে ৭ কোটি টকা ব্যয় কৰি চলিত বৰ্ষৰ পৰা বেৰা চাপৰিৰ বেৰা মাজগাঁৱৰ পৰা শান্তিপুৰলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰিৰ নিৰ্মাণ কাম আৰম্ভ কৰিছে ৷ কিন্ত এই মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণভাৱে বালি ব্যৱহাৰ কৰি কৰা হৈছে ।