অসম

assam

By

Published : Jan 9, 2021, 8:09 AM IST

Updated : Jan 9, 2021, 9:10 AM IST

ETV Bharat / state

তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্তৰঞ্জন বসুমতাৰী

21’ ত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’ব আৰু হিমান্ত বিশ্ব শৰ্মা 3 বছৰৰ বাবে জেললৈ যাব ৷ বিজেপিক ৰাইজৰ দিব লগীয়া একো নাই, অহা নিৰ্বাচনত ৰাইজে উৎখাত কৰিব বিজেপিক ৷ গৃহভূমি জোনাইত উপস্থিত হৈ এই ঘোষণা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ৷

chitraranjan basumatary
chitraranjan basumatary

জোনাই, 9 জানুৱাৰী : জোনাইত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী ৷ 21’ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ চৰকাৰ আহিব বুলি দৃঢ়তা প্ৰকাশ কৰাৰ লগতে অতি কমেও 3 বছৰৰ বাবে হিমান্ত বিশ্ব শৰ্মা জেললৈ যাব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ কয় যে, বিজেপিক ৰাইজৰ দিব লগীয়া একো নাই ৷ গতিকে 21’ত ৰাইজে বিজেপিক উৎখাত কৰিব অসমৰ পৰা ৷

তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্তৰঞ্জন বসুমতাৰী

জন্মভূমি জোনাইত উপস্থিত হৈ জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ স্পষ্ট ঘোষণা, ৰাইজে বিজেপি দলক এইবাৰ ভোট নিদিয়ে স্পষ্ট কৰি দিছে । অখিল গগৈক আক্ৰোশ মূলকভাৱে বিজেপি চৰকাৰে জেলত ভৰাই কণ্ঠ ৰোধ কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বসুমতাৰীয়ে । তেওঁ কয় যে, ‘‘অখিল গগৈৰ মুক্তিৰ বিচাৰি আছোঁ। অখিল গগৈক চৰকাৰে শীঘ্ৰে মুক্তি কৰি দিব লাগে । অখিল গগৈৰ ঠাইত হিমন্ত বিশ্ব শৰ্মা জেলত থাকিব লাগে । 21 চনত চৰকাৰ আহিলে হিমন্ত বিশ্ব 3 বছৰ জেলত থাকিব ।’’ অভিৱৰ্তনৰ পিছত ৰাইজৰ দলৰ সৈতে অসম জাতীয় পৰিষদ আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে চিত্তৰঞ্জন বসুমতাৰীয়ে ।

লগতে পঢ়ক :মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jan 9, 2021, 9:10 AM IST

ABOUT THE AUTHOR

...view details