অসম

assam

By

Published : Jul 3, 2020, 9:40 PM IST

ETV Bharat / state

বাহনসহ উদ্ধাৰ গেলুৱা দুৰ্ঘটনাত পতিত পিতৃ-কন্যাৰ মৃতদেহ

গেলুৱা নদীৰ দলঙৰ পৰা বৃহস্পতিবাৰে পানীত পৰি নিখোজ হোৱা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ লগতে দুগৰাকী আৰোহীৰ মৃতদেহ উদধাৰ হয় শুকুৰবাৰে ৷ সন্ধানহীন টংকেশ্বৰ কলিতা আৰু কনিষ্ঠ জীয়ৰী কুকি কলিতাৰ নিথৰ দেহ উদ্ধাৰ কৰে NDRF বাহিনীৰ লোকে ৷

geluwa accident: two dead body recovered in dhemaji
geluwa accident: two dead body recovered in dhemaji

ধোমাজি, 3 জুলাইঃ অৱশেষত উদ্ধাৰ হ'ল ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা নদীৰ দলঙৰ পৰা বৃহস্পতিবাৰে, পানীত পৰি নিখোজ হোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনৰ লগতে পিতৃ-কন্যাৰ মৃতদেহ ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱা 4 জনীয়া পৰিয়ালটোৰ টংকেশ্বৰ কলিতাৰ পত্নী সাৱিত্ৰী কলিতা আৰু জ্যেষ্ঠ জীয়ৰী ৰিকি কলিতাক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কিন্তু সন্ধানহীন হৈ আছিল টংকেশ্বৰ কলিতা আৰু কনিষ্ঠ জীয়ৰী কুকি কলিতা ৷

বাহনসহ উদ্ধাৰ গেলুৱা দুৰ্ঘটনাত পতিত দুগৰাকীকৈ লোকৰ মৃতদেহ

শুকুৰবাৰে পুনৰ NDRF বাহিনীৰ লোকে অভিযান চলাই বিশেষ ডুবাৰুৰ জৰিয়তে সন্ধানহীন টংকেশ্বৰ কলিতা আৰু কুকি কলিতাৰ নিথৰ দেহ উদ্ধাৰ কৰে ৷ কিন্তু এই পৰ্যন্ত সন্ধানহীন হৈ আছে গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতো ৷ সন্ধানহীন লোক গৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীৰ লোকে ৷

লগতে পঢ়কঃশোকাৱহ পথ দুৰ্ঘটনা: গেলুৱা নৈত বাহসহ উটি গ'ল 5 আৰোহী

ABOUT THE AUTHOR

...view details