অসম

assam

ETV Bharat / state

ধেমাজিত নিৰ্মাণ হ'ব জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ নতুন গৃহ

এক কোটি 70 লাখ টকাৰ ব্যয় সাপেক্ষে ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৌহদত নিৰ্মাণ হ'ব অত্যাধুনিক কাৰিকৰী গৃহ ৷ দেওবাৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জিলাখনত বিকল হৈ থকা ৪২ খন পানী যোগান আঁচনিৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ৷

Foundation stone laying PHE office at Dhemaji
ধেমাজিত নিৰ্মাণ হ'ব জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ নতুন গৃহ

By

Published : Jan 3, 2021, 9:17 PM IST

ধেমাজি, 3 জানুৱাৰী: দেওবাৰে ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ 1 কোটি 70 লাখ টকাৰ ব্যয় সাপেক্ষেৰে নিৰ্মাণ হ'ব এই অত্যাধুনিক গৃহটো ৷ আধাৰশিলা স্থাপনৰ পাচতে ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত মন্ত্ৰী গৰাকীয়ে কয় যে, ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো জৰাজীৰ্ণ হোৱা বাবে নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে ৷

ধেমাজিত নিৰ্মাণ হ'ব জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ নতুন গৃহ

উল্লেখ্য যে, জলজীৱন মিছনৰ জৰিয়তে প্ৰত্যেক গাঁৱতে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ লগতে ধেমাজি জিলাত বিকল হৈ থকা ৪২ খন পানী যোগান আঁচনিৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, জোনাই বিধায়ক ভূবন পেগু আৰু ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰসহ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনৰ জাতীয় পৰিষদত যোগদান

ABOUT THE AUTHOR

...view details