অসম

assam

ETV Bharat / state

ধেমাজিত ৰাই আৰু বালিচৰী নৈৰ সংহাৰী ৰূপঃ জলমগ্ন অৰ্ধশতাধিক গাওঁ - flood effected people

ৰাজ্যত এতিয়াওঁ অৱ্যাহত আছে ভয়াবহ বানৰ তাণ্ডৱ । বানত জলমগ্ন হৈছে ইখনৰ পাছত আনখন জিলা । ধেমাজি জিলাতো ক্ষতিগ্ৰস্ত হৈছে বহকেইখন গাঁও । জিলাখনত ৰাই আৰু বালিচৰী নৈয়ে লৈছে সংহাৰী ৰূপ । ফলত জলমগ্ন হৈছে অৰ্ধশতাধিক গাওঁ । বান ক্ষতিগ্ৰস্ত গাওঁসমূহত এন ডি আৰ এফ আৰু এচ ডি আৰ এফৰ দল উপস্থিত হৈ চলাই গৈছে বানাক্ৰান্তৰ উদ্ধাৰ অভিযান ।

flood level increase at rai and balisori of dhemaji
ধেমাজিত ৰাই আৰু বালিচৰী নৈৰ সংহাৰী ৰূপ : জলমগ্ন অৰ্ধশতাধিক গাওঁ

By

Published : Jul 5, 2020, 4:56 PM IST

ধেমাজি,৫জুলাইঃ ৰাজ্যত এতিয়াওঁ অৱ্যাহত আছে বানৰ তাণ্ডৱ । বানত জলমগ্ন হৈছে ইখনৰ পাছত আনখন জিলা । ধেমাজি জিলাতো ক্ষতিগ্ৰস্ত হৈছে বহকেইখন গাঁও । গাই আৰু জীয়াঢলৰ পিছত ধেমাজি জিলাত এইবাৰ সংহাৰী ৰূপ লৈছে বালিচৰী আৰু ৰাই নদীয়ে । দুয়োখন নৈয়ে হঠাতে দেওবাৰে ললে ভয়ংকৰ ৰূপ । লক্ষীপথাৰ, উত্তৰ ধেমাজি, বিষ্ণুপুৰ, মৰিধল আদি বৃহৎ অঞ্চল বালিচৰী আৰু ৰাই নৈৰ বাঢ়নী পানীৰ কৱলত পৰি ইতিমধ্যে জলমগ্ন হৈছে

ধেমাজিত ৰাই আৰু বালিচৰী নৈৰ সংহাৰী ৰূপ : জলমগ্ন অৰ্ধশতাধিক গাওঁ

নৈ দুখনেৰে পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা বাঢ়নী পানীয়ে নিমিষতে প্লাবিত কৰিলে ৫০খনৰো অধিক গাওঁ । এই বাঢ়নি পানীত অতিকৈ ক্ষতিগ্ৰস্ত হোৱা লক্ষীপথাৰৰ কছাৰী, বৰাজান কছাৰী, শ্ৰীপানি আদি অঞ্চলত ততাতৈয়াকৈ এন ডি আৰ এফ আৰু এচ ডি আৰ দল উপস্থিত হৈ বানত আবদ্ধ সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে । ইতিমধ্যে উদ্ধাকাৰী দলে পানীৰ মাজত আবদ্ধ 78 গৰাকী লোকক উদ্ধাৰ কৰিছে ।

ধেমাজিত ৰাই আৰু বালিচৰী নৈৰ সংহাৰী ৰূপ : জলমগ্ন অৰ্ধশতাধিক গাওঁ

ABOUT THE AUTHOR

...view details