ধেমাজি,৫ ফেব্ৰুৱাৰী : তাঁতশালকে উপজীব্য হিচাপে লৈ স্বাৱলম্বী হোৱা এজন যুৱক । দ্ৰৰিদ্ৰতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতেই কান্ধ পাতি ল'বলগীয়া হৈছিল পৰিয়ালৰ গধুৰ দায়িত্ব । এতিয়া যুৱকজনৰ দ্বাৰা উৎপাদিত সামগ্ৰী ৰপ্তানি হয় বহিঃৰাজ্যলৈ ।
ধেমাজিৰ দীপকৰ অক্লান্ত প্ৰয়াস
মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ পাচতেই কান্ধ পাতি লৈছিল পৰিয়ালৰ দায়িত্ব
উদ্যমী যুৱকজন হৈছে ধেমাজিৰ কাইটং ফুকন গাৱৰ দীপ কুমাৰ ফুকন । প্ৰথমে আনৰ পৰা আধিলৈ তাঁত বৈ মূলধন সংগ্ৰহ কৰা যুৱকজনে বৰ্তমান নিজৰ ঘৰতেই বাঁহেৰে নিৰ্মাণ কৰি লৈছে পাঁচ খন মাটি তাঁত শাল । সৰুৰে পৰা তাঁতশালৰ প্ৰতি থকা দুৰ্বলতাৰে দীপকে নিৰ্মাণ কৰিলে স্বাৱলম্বীতাৰ পথ । দীপকৰ তাঁতশালৰ মুগা আৰু টচৰ চাদৰ -মেখেলা ,অৰুণাচলৰ জনগোষ্ঠীয় গালে চোলা ,চুৰুণা আদি বিক্ৰীৰ বাবে ৰপ্তানি হয় গুৱাহাটী আৰু অৰুণাচললৈ ।দীপকৰ কামত ছাঁৰ দৰে থাকি সহযোগ আগবঢ়াই আহিছে তেওঁৰ পত্নী আৰু বৌয়েকে । যুৱকজনৰ এনে অক্লান্ত প্ৰয়াসক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰশংসা কৰিছে চুবুৰীয়ায়ো ।
আজিকোপটি ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰা স্বাৱলম্বী দীপকৰ পৰিকল্পনা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগৰ লগতে ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলাৰ ।ৰোজগাৰ বিচাৰি একাংশ শিক্ষিত নিবনুৱাই বহিঃ ৰাজ্য লৈ ঢাপলি মেলাৰ সময়তে ঘৰতে চৰকাৰী সংস্থাপনৰ আশাত দিন অতিবাহিত নকৰি উৰুখাৰ পজাত আনৰ আধি তাঁত বৈ বস্ত্ৰ উৎপাদনেৰে স্বাৱলম্বী হোৱা দীপকৰ কৰ্মৰাজি নিঃসন্দেহে প্ৰশংসনীয় ।