অসম

assam

ETV Bharat / state

হৰি নামৰ অমিয়া সুৰেৰে মুখৰিত জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ - জন্ম জয়ন্তী

জোনাইত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত গুৰুজনাৰ আৰ্বিভাৱ তিথি উদযাপন ৷ হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হৈছে জোনাই ৷

celebrating birth anniversary
হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ

By

Published : Oct 15, 2021, 9:11 PM IST

জোনাই, 15 অক্টোবৰ :অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আৰ্বিভাৱ তিথি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি অৰ্থাৎ শুকুৰবাৰে জোনাইৰ সাৰ্বজনীন নামঘৰতো এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৷ নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈষ্ণৱৰ লগতে সমূহ জোনাইবাসীৰ ৰাইজৰ সহযোগত জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত অতি উলহ-মালহেৰে উদযাপন কৰা হয় শংকৰ উৎসৱ ৷

হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ

পুৱাৰে পৰা হৰি নামৰ অমিয়া সুৰৰ লগতে ঘোষা, কীৰ্তন পাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ ধ্বনিৰে মুখৰিত হ’ল জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ ৷ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত পুৱা ৭.০০ বজাত পুৱাৰ প্ৰসংগ কৰাৰ পাচতে পৰিচালনা সমিতিৰ উপদেষ্টা নবীন গগৈয়ে ধৰ্মধ্বজা উত্তোলন কৰে ৷ তাৰ পাচতে জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় বুদ্ধেশ্বৰ খনিকৰৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মৌন প্ৰাৰ্থনাও কৰা হয় ৷

জোনাইত উদযাপন গুৰুজনাৰ আৰ্বিভাৱ তিথি

লগতে পঢ়ক :উলহ-মালহেৰে উদযাপিত হ'ল গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মোৎসৱ

তাৰ পাচত পুৱা প্ৰায় ৯ বজাত নামঘৰ চৌহদত ভাগৱত ভ্ৰমণ কৰোৱা হয় ৷ গুৰুজনাৰ এই জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নাম ঘৰৰ পৰিচালনা সমিতিৰ লগত জোনাইবাসী ৰাইজ ৷

লগতে পঢ়ক :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী

ABOUT THE AUTHOR

...view details