নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী :সোমবাৰে পুনৰ বাৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ চলিত বৰ্ষত এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো অসম ভ্ৰমণ ৷ সোমবাৰে ধেমাজিত উপস্থিত হ’ব নৰেন্দ্ৰ মোডী ৷ ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে শুৱালকুছি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ আগবঢ়াব লগীয়া আন কেইটামান প্ৰকল্প হৈছে,ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAXইউনিট, ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কম্প্ৰেছৰ ষ্টেশ্যন ৷
কিন্তু মোডীৰ তৃতীয়টো অসম ভ্ৰমণৰ পূৰ্বে প্ৰতিবাদ মুখৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছী নেতা-কৰ্মীক ৷ শিৱসাগৰ, নলবাৰী, ডিফু আদি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছ দলক ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত মূলতঃ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷