ধেমাজি,6 জুলাই: মহামাৰী ক'ৰণাৰ সন্ত্ৰাসৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ কেবিনেটত যোৱা ২৯ জুনত থলুৱাৰ কৃষি ভূমি উদ্যোগপতিক গতাই দিয়াৰ এক ষড়যন্ত্ৰমূলক সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগেৰে এতিয়া সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । ধেমাজিতো সোমবাৰে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী এই ভূমি নীতিৰ বিৰুদ্ধে সৰৱ হৈ তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত জিলা সমিতিৰ কৰ্মীসকলে ধেমাজিৰ জিলা সদৰত নতুন ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । চৰকাৰৰ নতুন ভূমি নীতি মানি লোৱা নহ'ব, বিজেপি চৰকাৰ হায় হায় ইত্যাদি চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে সৰৱ তাই আহোম যুৱ পৰিষদ
কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে অসম চৰকাৰে কেবিনেট যোগে খিলঞ্জীয়া বিৰোধী স্থিতিৰে ৰাজ্যৰ কৃষিভূমি উদ্যোগপতিক গতাই দিয়াৰ এক ষড়যন্ত্ৰমূলক সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগেৰে এইবাৰ সৰৱ হৈছে তাই আহোম যুৱ পৰিষদ । ধেমাজিত অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী এই নতুন ভূমিনীতিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে তাই আহোম যুৱ পৰিষদে ।
চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে এইবাৰ সৰৱ তাই আহোম যুৱ পৰিষদ
শেহতীয়াকৈ ক'ৰণাতংকৰ মাজতে ৰাজ্য চৰকাৰৰ কেবিনেটে প্ৰস্তত কৰা এই ভূমি নীতিক লৈ সমগ্ৰ ৰাজ্যত বিভিন্ন দল দংগঠনে কৰা প্ৰতিবাদক লৈ চৰকাৰখনে কেনে স্থিতি গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।