অসম

assam

ETV Bharat / state

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ মাজত - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰয়ে প্ৰায় ৪০০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে চিৰা,খোৱা পানী,বিস্কুট,চাবোন,মমবাতি,কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী ৷

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ

By

Published : Jul 18, 2019, 4:24 PM IST

ধেমাজি,১৮ জুলাইঃ জোনাইত এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘুৰি অহা নাই বান পৰিস্থিতি । তীব্ৰ খাদ্য সংকটত পৰিছে সমগ্ৰ জোনাইৰ বানাক্ৰান্ত লোকসকল।

জোনাইত তীব্ৰ খাদ্য সংকট,হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ

ধেমাজি জিলাৰ জোনাইত আজিও উন্নত হোৱা নাই বান পৰিস্থিতি ৷ চিয়াং নদীৰ বানৰ কৱলত পৰা জোনাইৰ ১নং ৰাভা কাঠনি,২ নং ৰাভা কাঠনি, সোনোৱাল কাঠনি,চুতীয়া চুক,মালভোগ,উৰাং,মুদৈ দেবেৰা আদিকে ধৰি কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ বাৰী আজিও বুৰ গৈ আছে পানীৰ তলত ৷ বানতআৱদ্ধ হৈ আছে শ শ পৰিয়াল। মথাউৰিতে শিবিৰ পাতি আশ্ৰয় লৈ আছে যদিও বানাক্ৰান্ত লোকসকলৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ এমুঠি অন্ন আৰু খোৱা পানীৰ সংকটত কণ কণ শিশুৰ পৰা বৃদ্ধলৈ ৷ বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ কৰ্মীয়ে প্ৰায় ৪০০টা পৰিয়ালৰ মাজত বিতৰণ কৰে চিৰা,খোৱা পানী,বিস্কুট,চাবোন,মমবাতি,কাপোৰ আদি প্ৰয়োজনীয় সামগ্ৰী ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এই বান সাহায্য পদক্ষেপক বানাক্ৰান্ত লোক সকলৰ লগতে ৰাইজে প্ৰশংসা কৰিছে ।

লগতে আন এটা বাতৰি - বকোত বিধায়িকা নন্দিতাৰ বান সাহায্য

ABOUT THE AUTHOR

...view details