অসম

assam

ETV Bharat / state

মাটি বাৰী লেনদেনৰ নামত উৎকোচ লোৱাৰ অভিযোগ জোনাইৰ লাট মণ্ডলৰ বিৰুদ্ধে

শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়াৰ দপদপনি অব্যাহত আছে ৷ এইবাৰ জোনাইত পোহৰলৈ আহিছে লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ (Allegation of bribery against Lat Mandal at Jonai) ৷

Etv Bharatallegation-of-bribery-against-lat-mandal-of-land-transaction
Etv Bharatমাটি বাৰী লেনদেনৰ নামত লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

By

Published : Aug 13, 2022, 7:48 PM IST

জোনাই, ১৩ আগষ্ট: খক গুচা নাই লাট মণ্ডলৰ ৷ দৰমহাৰ টকাৰে পেট নভৰে এইসকল চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দপদপনি অব্যাহত আছে ৷ ৰাজ্যত প্ৰতিদিনে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰাৰ সময়তে জোনাইৰ লাট মণ্ডলৰ বিৰুদ্ধে উত্থাপিত হৈছে উৎকোচ লোৱাৰ অভিযোগ (Allegation of bribery against Lat Mandal at Jonai) ৷

মাটি-বাৰী কাম কৰি দিয়াৰ নামত দুখীয়া পৰিয়ালৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহৰ বৃহৎ অভিযোগ উত্থাপন হৈছে লাটমণ্ডলৰ বিৰুদ্ধে ৷ জোনাইৰ বেৰা চাপৰি লাটৰ লাট মণ্ডল নিকুঞ্জ শৰ্মাই মাটি-বাৰী কাম কৰি দিয়াৰ নামত দুখীয়া পৰিয়ালৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহৰ বৃহৎ অভিযোগ তুলিছে বেৰাচাপৰিবাসী ৰাইজে ৷

মাটি বাৰী লেনদেনৰ নামত লাটমণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

জানিব পৰামতে 1000 ৰ পৰা 2000 টকা হাতত গুজি নিদিয়ালৈকে মাটি-বাৰীৰ ফাইলেই নুচুৱে লাট মণ্ডল নিকুঞ্জ শৰ্মাই ৷ সোমবাৰে এখন ৰাজহুৱা সভাত জোনাইৰ বিধায়ক ভূৱন পেগুৰ (MLA Bhubon Pegu) উপস্থিতিত মাটি-বাৰী কাম কৰি দিয়াৰ নামত লাট মণ্ডলে ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰিছিল স্থানীয় কেইবাজনো ব্যক্তিয়ে ৷

এই অভিযোগ শুনি বিধায়ক পেগুৱে কয়, "মাটিৰ পট্টা দিয়াৰ নামত কোনোবাই দুৰ্নীতি কৰিছে ৷ অভিযোগসমূহ আমি শুনিলো ৷ ইয়াৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ সহ্য নকৰে ৷"

ইয়াৰ পাচতে মঙলবাৰে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল নিকুঞ্জ শৰ্মাক শাস্তিৰ নামত জোনাই চক্ৰৰ পৰা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পদোন্নতিসম বদলি কৰে ৷ এতিয়া এই কথা গম পোৱাৰ পিছতেই লাট মণ্ডল নিকুঞ্জ শৰ্মাৰ ওপৰত উচিত তদন্ত কৰি দোষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে বেৰাচাপৰিবাসী ৰাইজে ৷

লগতে পঢ়ক:ATM fraud detained, সাৱধান ! নলবাৰীত এ টি এম প্ৰৱঞ্চক আটক

ABOUT THE AUTHOR

...view details