অসম

assam

ETV Bharat / state

9th Annual Meeting of UBPO : ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ আজি অন্তিম দিন

আজি সামৰণি পৰিব সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ ৷ বাৰেৰহণীয়া কাৰ্যসূচীৰ আয়োজন ৷ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছিল অধিৱেশনৰ (9th Annual Meeting of the UBPO) ৷

9th Annual Meeting of the UBPO
ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ আজি অন্তিম দিন

By

Published : Jan 7, 2023, 2:07 PM IST

ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনৰ আজি অন্তিম দিন

জোনাই, ৬ জানুৱাৰী:বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ইউবিপিঅৰ নৱম বাৰ্ষিক অধিৱেশন ৷ সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ নৱম বাৰ্ষিক বছৰেকীয়া অধিৱেশনখনি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে । শুকুৰবাৰৰ পুৱা ৮ বজাত অধিৱেশনৰ পতাকা উত্তোলন কৰে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে (9th Annual Meeting of the UBPO) ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে । পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰে ইউবিপিঅৰ উপদেষ্টা বিপিন গয়াৰীয়ে । পুৱা ১০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ব্ৰু সামাজিক-সাংস্কৃতিক সংগঠনৰ সভাপতি শান্তি কুমাৰ ৰিয়াঙে ।

অনুষ্ঠানটোত উপস্থিত থাকে ড৹ সুবুংছা মুছাহাৰীয়ে । পুৱা ১০-৩০ বজাত অনুষ্ঠিত হয় সাহিত্য প্ৰতিযোগিতাৰ । দুপৰীয়া ১ বজাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ উদ্ধোধন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োয়ে । আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে ভাষণ আগবঢ়ায় ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰধ্যাপক ড৹ লিংকন ৰিয়াং, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে ।

সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হয় প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাই (Riniki Bhuyan Sarma) । আজি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাসমূহৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰা হব ৷ বঁটা প্ৰদান কৰিব অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে ।

পুৱা ১১ বজাৰ পৰা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভাখনত আদৰণি ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । মুকলি সভাখন উদ্ধোধন কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam legislative assembly speaker )।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান ড৹ তুলিৰাম ৰংহাং, সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌড়া নাৰ্জাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান পৰমানন্দ চায়েঙ্গীয়াৰ লগতে কেবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ।

লগতে পঢ়ক:Flutist Dipak Sharma hospitalized: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

ABOUT THE AUTHOR

...view details