অসম

assam

ETV Bharat / state

কণমানি কুমকুম পেগুৰ অপহৰণৰ আঁৰত কোন ?

বুধবাৰে জোনাইৰ পৰা কুমকুম পেগু(Kumkum Pegu) নামৰ এটি 6 বছৰীয়া কণমানিক অপহৰণ(Kidnap) ৷ মোমায়েকৰ পৰিচয়ৰে দুখন বাহনত অহা লোকে কণমানিজনীক উঠাই লৈ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰে ৷ কণমানিজনীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

By

Published : Aug 12, 2021, 9:56 AM IST

child kidnap at jonai
জোনাইত শিশু অপহৰণ

জোনাই, 12 আগষ্ট :ধেমাজি জিলাৰ জোনাইৰ পৰা বুধবাৰে অপহৰণ(Kidnap) হৈছে এটি 6 বছৰীয়া কণমানি ৷ জোনাইৰ অগ্নি নিৰ্বাপক বাহিনীৰ এছ অ’ প্ৰশান্ত পেগুৰ কন্যা কুমকুম পেগু(Kumkum Pegu)ৰ অপহৰণৰ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

জানিব পৰা মতে, জোনাই মহকুমা আৰক্ষী বিষয়াৰ চৰকাৰী বাসভৱনৰ সমীপত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে দুখন বাহনত অহা লোকে কণমানিজনীৰ মামা বুলি পৰিচয় দি এখন বগা ৰঙৰ এল্ট’ বাহনত উঠাই লৈ যায় ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দুয়োখন বাহনে তীব্ৰ বেগেৰে আহি কণমানিজনীক লৈ উধাও হয় ৷

অপহৰণ কাণ্ড সংঘটিত হোৱাৰ লগে লগে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত জোনাই আৰক্ষী(Jonai Police)ক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ ইতিমধ্যে জোনাই আৰক্ষীয়ে অপহৃতক বিচাৰি অসম-অৰুণাচলৰ বিভিন্ন স্থানত তদন্ত অব্যাহত ৰাখিছে ৷ কিন্তু বৰ্তমানলৈকে অপহৃতৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ।

জোনাইত শিশু অপহৰণ

লগতে পঢ়ক :কোটি টকীয়া দুৰ্নীতিৰে কি সম্পৰ্ক আঙুৰলতা-আকাশদ্বীপৰ ?

উল্লেখ্য যে, আৰক্ষীয়ে অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত তিনিজনী ছোৱালীক সোধ-পোচ কৰিছে ৷ ছোৱালী তিনিজনীয়ে অপহৰণ কাণ্ড সংঘটিত কৰা যুৱকজন গুৱাহাটী নিৱাসী অৰ্জুন পেগু বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব অপহৰণকাৰীৰ তথ্য ৷

ৰাজ্যত সঘনে চলি থকা যৌন নিৰ্যাতন, আত্মহত্যা আদি ঘটনাৰ পাচতে এইবাৰ জোনাইত কণমানি অপহৰণৰ ঘটনাক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ জোনাইবাসী ৷ কণমানিজনীৰ অপহৰণৰ আঁৰত তেওঁৰ পৰিয়ালৰ আন লোকৰ সৈতে কিবা ব্যক্তিগত মতানক্য আছে নে আন কিবা, সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক :চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

ABOUT THE AUTHOR

...view details