উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই ৫ জনকৈ কৃষকক হত্যা কৰা ঘটনাক লৈ এতিয়া উত্তাল সমগ্ৰ দেশ ৷ ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বৰপেটা প্ৰতিবাদ জিলা কংগ্ৰেছৰ ৷
বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণী মিনি ষ্টেডিয়াম
এইবাৰ খেলপথাৰত চলিছে বেদখল ৷ টীয়কৰ ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়াম আৰু খেলপথাৰৰ মুঠ ২৫ বিঘা মাটিৰ ১৩ বিঘাই একাংশ লোকে বেদখল কৰি চাহ বাগিচা স্থাপন কৰিছে । এইক্ষেত্ৰত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাক তেওঁৰ স্বামীৰ নামত থকা খেলপথাৰখন বেদখলৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
জীয়াঢ়লত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ
জীয়াঢল নদীত সন্ধানহীন হোৱা দীনেশ্বৰ মিলি মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এতিয়াও প্ৰদীপ নৰহ, শৈল্যৰাম পায়েঙৰ সন্ধান লাভ কৰা নাই SDRF বাহিনীয়ে ৷
পি এম কিষাণ আচঁনিৰ ধনেৰে অসমত কোনে গঢ়িলে সম্পত্তিৰ পাহাৰ ?
ধিঙত পি এম কিষাণ আচঁনিৰ নামত সংঘটিত কোটি টকীয়া কেলেংকাৰী ৷ পিএছপিৰ স্বত্বাধিকাৰীয়ে কেনেদৰে গঢ়িলে সম্পত্তিৰ পাহাৰ ৷
লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী
বোকাখাটৰ লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মঙলবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে ।