মঙলদৈ 30 জুনঃ মঙ্গলদৈ চহৰৰ গাতে লাগি থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহাজন পাৰা ৷ বাৰিষা হলেই মূল পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰে ৷ পথটোৰ কদৰ্য ৰূপে এতিয়া জীয়াতু ভূগাইছে গাঁওবাসীক।
মঙলদৈৰ পথত ভূঁই ৰুই প্ৰতিবাদ মহিলাৰ
মঙলদৈ চহৰৰ গাতে লাগি থকা উপহুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মহাজন পাৰা ৷ বাৰিষা হ'লেই মূল পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰে ৷ পথটোৰ কদৰ্য ৰূপে এতিয়া জীয়াতু ভূগাইছে গাঁওবাসীক।
মঙলদৈৰ পথত ভুই ৰুই প্ৰতিবাদ মহিলাৰ
শনিবাৰে মহাজন পাৰা গাঁৱৰ মহিলাসকলে পথটোত ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ । পৰিবৰ্তনৰ চৰকাৰ হায় হায়, বিজেপি হায় হায় বুলি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে মহিলাসকলে ৷ স্থানীয় বিধায়ক গুৰু জ্যোতি দাসে নিৰ্বাচনৰ ছয় মাহৰ ভিতৰত পথটো বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো কাণসাৰ নাই বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে,পথটো মেৰামতি নকৰিলে, পৰৱৰ্তী সময়ত কোনো জনপ্ৰতিনিধিকে ভোট খুজিবলৈ সোমাব নিদিব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে৷