দৰং,25 মেঃ দৰং জিলাৰ মঙলদৈত 400 গৰাকী বেণ্ড পাৰ্টীৰ-শিল্পীক সাহাৰ্য বিতৰণ কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷ শিল্পীসকলক মাস্কৰ লগতে খাদ্য সামগ্ৰীও বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই দেশত চলি আছে লকডাউন ব্যৱস্থা ৷ লকডাউনে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ লাখ-লাখ ৰাইজৰ মাজত বিভিন্ন সংকটে দেখা দিছে ৷
দুখীয়া দৰিদ্ৰ লোকসকলক চৰকাৰ প্ৰশাসনে সাহাৰ্য বিতৰণো কৰিছে ৷ ঠিক একেদৰে দৰং জিলাৰ বেণ্ড পাৰ্টী শিল্পীসকলক বিনামুলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে । এই কাৰ্যসূচী উপলক্ষে মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাই খেলপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি আয়োজন কৰে এখনি বিশেষ সভা । এই সভাখনত বিধায়ক গৰাকীয়ে প্ৰতিগৰাকী বেণ্ড পাৰ্টীৰ শিল্পীক একোখনকৈ মাস্ক আৰু খাদ্য-সামগ্ৰী প্ৰদান কৰে ।
দৰঙত 400 গৰাকী বেণ্ড পাৰ্টিৰ-শিল্পীক সাহাৰ্য বিতৰণ গুৰুজ্যোতিৰ ৪০০ (চাৰিশ) গৰাকী বেণ্ড পাৰ্টী শিল্পী উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক গৰাকীয়ে শিল্পী সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰিও তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। বিধায়কৰ এই অনুষ্ঠানত দৰং জিলাৰ বিজেপি দলৰ সভাপতি অমৰেন্দ শৰ্মাৰ লগতে দলীয় নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
লগতে পঢ়কঃ179 গৰাকী বেণ্ডপাৰ্টী শিল্পীক সাহাৰ্য বিধায়ক ৰঞ্জিত দাসৰ