চিৰাং, 6 ছেপ্তেম্বৰ: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বহু আঁচনিৰ বিষয়ে উল্লেখ ইউ পি পি এলৰ । দেওবাৰে চিৰাঙৰ কাজলগাঁৱত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োই । ইউ পি পি এল দলৰ বিটিচি পৰিষদীয় নিৰ্বাচনী ইস্তাহাৰত কি কি আছে ? সেয়া দেখিলে হয়তো আচৰিত হ’ব আপোনিও ।
আজিলৈ কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত সাংবাদিক সকলৰ বাবে বিতং প্ৰকাশ কৰাৰ হয়তো নজিৰ নাই । নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে তেওঁৰ বিভিন্ন কামত সহায় সহযোগিতা আগবঢ়োৱা সাংবাদিক সকলক ধন্যবাদ জনাই সংবাদমেল আৰম্ভ কৰা প্ৰমোদ বড়োই কয় যে, সাংবাদিক সকলৰ সৈতে দীৰ্ঘদিনৰ পৰাই ওতপ্ৰোত ভাৱে জড়িত থাকি সাংবাদিক সকলৰ সামান্য পাৰিশ্ৰমিকৰ বিষয়েও অৱগত বুলি জনায় । সেয়ে এইবাৰ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি কিছু নতুন চিন্তা কৰা বুলি উল্লেখ কৰে ।
তেওঁ কয় যে, বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি গ্ৰুপ লাইফ ইন্সুৰেঞ্চ খুলিব য’ত সকলো সাংবাদিকৰ 1 কোটি টকাৰ জীৱন বীমা থাকিব । চৰকাৰে বছৰেকীয়া ভাৱে এই ধন আদায় কৰিব । বিটিআৰৰ সকলো সাংবাদিক সাঙুৰি সাংবাদিক কল্যাণ পৰিষদ গঠন কৰা হ’ব । বিটিআৰ চৰকাৰে প্ৰতি বছৰে দহ কোটিৰ বাজেট ধাৰ্য কৰিব । এই টকাৰ পৰা সাংবাদিকৰ পৰিয়ালৰ শিক্ষা, চিকিৎসা লগতে অন্যান্য মাহিলি খৰচ কৰিব পাৰিব সাংবাদিক সকলে ।