অসম

assam

By

Published : Jun 20, 2021, 10:27 AM IST

ETV Bharat / state

চিৰাঙৰ বিজনীত এহেজাৰ গছপুলি ৰোপণ

মিচন টেন কে(Mission 10k)ৰ জৰিয়তে সেউজ বিজনী গঢ়াৰ লক্ষ্যেৰে চিৰাঙৰ বিজনী চহৰত গছপুলি ৰোপণৰ শুভাৰম্ভ । বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত এহেজাৰ গছ পুলি ৰোপণেৰে এই পৰিকল্পনাৰ শুভাৰম্ভ কৰা হয় ৷ এই অনুষ্ঠানত বিজনীৰ মহকুমাধিপতি আৰু বিজনীৰ বিধায়ক অজয় ৰায় উপস্থিত থাকে ।

Planting of trees in Chirang Bijni
চিৰাঙৰ বিজনীত এহেজাৰ গছপুলি ৰোপণ

চিৰাং, 20 জুন:সেউজ বিজনী গঢ়াৰ লক্ষ্যেৰে চিৰাঙৰ বিজনীত গছপুলি ৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বিজনীৰ চাৰিটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত শনিবাৰৰ পৰা 'সেউজ বিজনী' গঢ়াৰ এক পৰিকল্পনাৰে দহ সপ্তাহযোৰা কাৰ্যসূচীৰে বিজনীৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷

চিৰাঙৰ বিজনীত এহেজাৰ গছপুলি ৰোপণ

শনিবাৰে পুৱাৰ ভাগত বিজনীৰ মহকুমাধিপতিৰ কাৰ্যলয় চৌহদত এহেজাৰ গছ পুলি ৰোপণৰ দ্বাৰা এই পৰিকল্পনাৰ শুভাৰম্ভ কৰা হয় ৷ গছপুলি ৰোপণ অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন আৰু বিজনীৰ মহকুমাধিপতি দিবাকৰ নাথসহ স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷

চিৰাঙৰ বিজনীত এহেজাৰ গছপুলি ৰোপণ

বিজনীৰ মহকুমাধিপতি দিবাকৰ নাথে কৰা মন্তব্য অনুসৰি, বিজনী চহৰক সেউজীয়া কৰি গঢ়ি তোলাৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ মহকুমা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে বিটিচিৰ পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়নে মহকুমাধিপতি দিবাকৰ নাথক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু এছ এছ ডি ফাউণ্ডেশ্যন(SSD Foundation), ইছমাইল ফাউণ্ডেশ্যন(Ismile Foundation), জাকাৰ্ছ(Jacarse) আৰু ৰবীনহুদ আৰ্মি(Robinhood Army) নামৰ স্বেচ্ছাসেৱী সংস্থা চাৰিটাৰ কৰ্মীসকলে বিশিষ্ট অতিথিৰ উপস্থিতিত শনিবাৰে এহেজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে ৷

আনহাতে, বিজনী মহকুমা প্ৰশাসনে উল্লেখ্য চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত অহা অক্টোবৰ মাহৰ ভিতৰত বিজনীৰ বিভিন্ন অঞ্চলত দহ হেজাৰ গছপুলি ৰোপণ কৰিব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক : হিমন্ত-নৰেন্দ্ৰ মোডী থাকিলে অসম কংগ্ৰেছ মুক্ত হ’ব : ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details