অসম

assam

ETV Bharat / state

ভাৰতীয় সেনাৰ উদ্যোগত বান সজাগতা শীৰ্ষক ম'ক ড্ৰীল সম্পন্ন

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন, এন ডি আৰ এফ, এছ এছ বি আৰু স্থানীয় জিলা প্ৰশাসনৰ উদ্য়োগত সম্পন্ন কৰা হয় এই ড্ৰীল ৷

বঙাইগাঁওত সেনাৰ মক ড্ৰীল

By

Published : May 9, 2019, 11:08 PM IST

চিৰাং, 9 মেঃ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু জিলা প্ৰশাসন তথা এছ এছ বি আৰু এন ডি আৰ এফৰ উদ্যোগত বৃহস্পতিবাৰে বানপানীক লৈ এক ম'ক ড্ৰীল আয়োজন কৰা হয় ৷ চিৰাং জিলাৰ আই নদীৰ হাগ্ৰামা ব্ৰীজৰ পাৰত অনুষ্ঠিত হৈ যায় এই শিবিৰ ৷

সেনাৰ মক ড্ৰীল

বানপানীৰ সময়ত আৰ্তজনক কিদৰে সহায়ৰ হাত আগবঢ়াব পাৰি সেই বিষয়ে এই ম'ক ড্ৰীল আয়োজন কৰা হয় ৷ অনুষ্ঠানত সেনা,অৰ্ধসামৰিক বাহিনী, এন ডি আৰ এফ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জোৱানসকল উপস্থিত থাকে ৷ সেনাৰ সহযোগত আয়োজন কৰা এই মটক ড্ৰীলত অংশগ্ৰহণ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷

ABOUT THE AUTHOR

...view details