চিৰাং,19 এপ্ৰিল : কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসন কালৰ পাচত পৰিৱৰ্তনৰ শ্ল'গান দি বিজেপিয়ে চৰকাৰ দখল কৰাৰো পাঁচটা বছৰ উকলিল ৷ কিন্তু বিজেপিয়ে দিয়া পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ কৰিব নোৱাৰিলে চিৰাং আৰু বাক্সা জিলা সংযোগী খাৰিজা বিজনী সংযোগী মূল পথটো ৷ বছৰৰ পাচত বছৰ ধৰি চৰকাৰী পক্ষৰ অৱহেলাৰ বলি হৈ থাকিল পথচোৱা ৷ এটা পথটোৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ শ্ল'গানেৰে দিছপুৰ দখল কৰা বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ ৷
পথচোৱাৰ মাজেৰে বৈ যোৱা সাঁকোৱা নদীৰ ওপৰত এখন পকী দলং বিচাৰি বছৰৰ পাচত বছৰ ধৰি অনুৰোধ কৰি অহাৰ পাচতো কোনো সুফল নাপালে অঞ্চলবাসীয়ে ৷ যাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ৰোগী সকলে ৷ কিয়নো পথটোৰ দুৰাৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে কোনো জৰুৰীকালীন সেৱাৰ বাহন ৷ বাৰিষা কালত মাত্ৰ দুখন টুলুঙা নাৱেৰে অতি বিপদ সংকুলভাৱে পথ পাৰ হ'বলগীয়া হয় কাহিতামা, আমলাগুৰি, এম চি কাহিতামা, ভূতিয়াপৰা, দৌৰাইবাৰী, খাইৰাগুৰি, হাঁহচৰা আদি বৃহত্বৰ গাঁৱৰ গাঁওবাসীয়ে ৷