চিৰাং, 27 ডিচেম্বৰঃ চিৰাঙত আনুষ্ঠানিকভাৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ফিটা কাটি উদ্ধোধন কৰিলে দৈজিং উৎসৱ ৷ ১২ দিনীয়া কাৰ্যসূচীৰে আই নদীৰ পাৰত উদযাপন কৰা হৈছে এই দৈজিং উৎসৱ । অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপমুখ্য তথা পৰ্যটন বিভাগৰ কাৰ্যবাহী খাম্পা বৰগয়াৰীসহ বহু সংখ্যক লোকৰ উপস্থিতিত উদ্ধোধন কৰা হয় দৈজিং উৎসৱ ।
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন বিটিচি তথা অসমৰ পৰ্যটন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত দাঙি ধৰাৰ উদ্দেশ্যেই এই দৈজিং উৎসৱৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে আয়োজক সমিতিয়ে ৷ সকলো জাতি-জনগোষ্ঠীৰ লোক সকলে ভাতৃত্ব বোধেৰ সমিল-মিলেৰে এই উৎসৱত অংশগ্ৰহন কৰাৰ উপৰিও এই উৎসৱৰ যোগেদি অঞ্চলটোত একতাৰ প্ৰভাৱ পেলাব বুলিও দৃঢ় বিশ্বাস আয়োজকসকলৰ ।
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন আনহাতে, এই উৎসৱলৈ অসম তথা ভাৰতৰ সকলো লোকক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে । লগতে কয় যে, আন্দোলন কৰা লোকে আন্দোলন কৰিব আৰু আনন্দ কৰা লোকে আনন্দ কৰিব গতিকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ কোনো প্ৰভাৱ ইয়াত নপৰিব বুলি কোৱাৰ লগতে হাগ্ৰামাই কয় যে, মুখ্যমন্ত্ৰী নিজেও আহিব এই উৎসৱত আৰু বলিউডৰ কলা-কুশলী সকলেও অংশগ্ৰহন কৰিব । তাৰোপৰি বৃহস্পতিবাৰে সাংসদ নৱ শৰনীয়াই দৈজিং উৎসৱক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন
উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মুকলিভাৱে দৈজিং উৎসৱৰ বিৰোধিতা কৰি মদ, জুৱা, হৰিণাৰ মাংস বিক্ৰী আদি অসামাজিক কাৰ্যকলাপ হয় বুলি অভিযোগ কৰি এই উৎসৱ বৰ্জনৰ আহ্বান জনাইছিল । ইয়াৰোপৰি চিৰাং জিলা এবছুয়েও দৈজিং উৎসৱত অসামাজিক কাৰ্যকলাপ হোৱাৰ অভিযোগ উক্ত দৈজিং উৎসৱত । এনে অৱস্থাৰ মাজতেই শুকুৰবাৰৰ পৰা 12 দিনীয়া কাৰ্যসূচীৰে এই দৈজিং উৎসৱ আৰম্ভ হয় ।
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন আৰু পঢ়কঃ হায়দৰাবাদত নিৰ্মাণ হ'ব গ্ৰীণ ষ্ট্ৰীট ভেণ্ডিং জ'ন