অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় "WOW AWARD 2020" ত জিলিকিল দৈজিং উৎসৱ

চিৰাঙৰ দৈজিং উৎসৱে পাঁচ টাকৈ পুৰষ্কাৰৰে উজ্বলিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ WOW AWARD 2020 ত ৷ ৫ টাকৈ শিতানত শ্ৰেষ্ঠত্ব অৰ্জনৰে অসম তথা সমগ্ৰ দেশলৈ সু-খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় “দৈজিং উৎসৱে ৷ মঙলবাৰে দৈজিং উৎসৱ ২০১৯-২০ৰ আয়োজক সমিতিৰ হৈ চিৰাং জিলা উপায়ুক্তই সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে এই কথা ৷

দৈজিং উৎসৱ
"WOW AWARD 2020" ত জিলিকিল দৈজিং উৎসৱ

By

Published : Aug 25, 2020, 7:43 PM IST

চিৰাং, 25 আগষ্টঃ অসমলৈ সুখবৰ কঢ়িয়াই আনিলে চিৰাঙৰ “দৈজিং উৎসৱ-২০১৯-২০২০”য়ে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ WOW AWARD 2020 ত জিলিকিল দৈজিং উৎসৱ । ৫ টাকৈ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন দৈজিং উৎসৱৰ । দৈজিং মহোৎসৱ আয়োজক সমিতিৰ সভাপতি তথা চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ আৰু সম্পাদক অশোক ব্ৰহ্মই সংবাদ মেল অনুষ্ঠিত কৰি সদৰি কৰে এই কথা । দৈজিং উৎসৱ-২০১৯-২০২০”য়ে শিতানকেইটা হৈছে ক্ৰমে...

আন্তঃৰাষ্ট্ৰীয় "WOW AWARD 2020" ত জিলিকিল দৈজিং উৎসৱ

1. বৰ্ষটোৰ শ্ৰেষ্ঠ গ্ৰাম্য সক্ৰিয়কৰণ বঁটা

2. চৰকাৰৰ বিশেষ কাৰ্যসূচীৰ বঁটা

3. গ্ৰাম্য সম্পদ জড়িতকৰণৰ ক্ষেত্ৰত

4. জ্ঞান বিনিময়

5. শতিকাটোৰ বিশেষ কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় "WOW AWARD 2020" ত জিলিকিল দৈজিং উৎসৱ

উল্লেখ্য যে, ২০১৯ চনৰ ২৭ ডিচেম্বৰৰ পৰা ২০২০ চনৰ ৭ জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল চতুৰ্থ সংখ্যক দৈজিং উৎসৱ । চিৰাঙৰ আই নৈৰ ওপৰত থকা হাগ্ৰামা দলঙৰ সমীপত আই নৈৰ বালিচৰত অনুষ্ঠিত হৈছিল এই উৎসৱ । ১২ দিনীয়া এই উৎসৱত ১৫ লাখ লোকে উপভোগ কৰিছিল । বলীউদৰ বিশাল-শেখৰ, মিকা সিঙকে ধৰি বহু শিল্পীয়ে অংশ লৈছিল উৎসৱত । আনহাতে, বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা এই উৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু নেতায়ে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়কঃ বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details