চিৰাং, 3 আগষ্ট :বুধবাৰে টকিঅ' অলিম্পিকৰ ছেমি ফাইনেলত অৱৰ্তীৰ্ণ হ'ব অসম কন্যা লাভলীনা বৰগোঁহাই ৷ ইয়াৰ বাবে সমগ্ৰ ৰাজ্যতে চলিছে ব্যাপক চৰ্চা ৷ সমান্তৰালকৈ লাভলীনাৰ জয়ৰ কামনাৰে ৰাজ্যৰ সৰ্বত্ৰে থকা মঠ-মন্দিৰ, নামঘৰ আদি ধৰ্মীয় উপাসনাস্থলীসমূহত নাম-প্ৰসংগ কৰা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে চিৰাং জিলাৰ কাজলগাঁৱস্থিত যোগকেন্দ্ৰতো চিৰাং জিলা ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায় ।
বন্তি প্ৰজ্বলন কাৰ্যসূচীত জিলা ক্ৰীড়া বিভাগৰ বিষয়া দশৰথ ব্ৰহ্ম আৰু চিৰাং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসুমতাৰীৰ উপৰি জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা উদীয়মান মহিলা খেলুৱৈসকল উপস্থিত থাকে ৷ লাভলীনাই বৰগোঁহাইয়ে বুধাবাৰে ছেমি ফাইনেলত যাতে জয়লাভ কৰে, তাৰ বাবে এগছিকৈ বন্তি প্ৰজ্বলন কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে ।