অসম

assam

ETV Bharat / state

চিৰাঙত অগ্নিকাণ্ডত বিনষ্ট লক্ষাধিক টকাৰ সম্পত্তি

চিৰাং জিলাৰ বেংতলত বুধবাৰে সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত বিনষ্ট হয় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ স্থানীয় ৰাইজৰ লগতে চিৰাং আৰু বঙাইগাঁৱৰ অগ্নি নিৰ্ব্বাপক বাহিনীয়ে বহু সময়ৰ চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ৷

By

Published : Feb 27, 2020, 4:18 AM IST

Chirang Bengtal fire assam etv bharat news
অগ্নিকাণ্ডত বিনষ্ট সম্পত্তি

চিৰাং,26 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বেংতলত বুধবাৰে সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত বিনষ্ট হয় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত অগ্নিকাণ্ডটোত কমল সাহা নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ বাসগৃহটো জুইৰ লেলিহান শিখাত সম্পূৰ্ণৰূপে জাহ যায় ৷

অগ্নিকাণ্ডত বিনষ্ট সম্পত্তি

স্থানীয় ৰাইজৰ লগতে চিৰাং আৰু বঙাইগাঁৱৰ অগ্নি নিৰ্ব্বাপক বাহিনীয়ে বহু সময়ৰ চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই যদিয়ো লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হয় অগ্নিকাণ্ডটোৰ ফলত ৷

লগতে চাওকঃপোছাক বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয় !

ABOUT THE AUTHOR

...view details