অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী
স্বাধীনতাৰ 75 তম বৰ্ষপূৰ্তি উপলক্ষ্যে লক্ষ্ণৌত 4,737 কোটি টকাৰ মুঠ 75 টা প্ৰকল্প জনতাৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ।
পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !
"বিশ্ব সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিয়মাৱলীসমূহৰ উলংঘন কৰি প্ৰতিবাৰে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সীমান্ত সংঘাতত লিপ্ত হৈ আহিছে ৷" ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ First Committee General Debateৰ ‘Right of Reply’ শিতানত এই মন্তব্য কৰে ভাৰতে ৷
পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক
পশ্চিমবংগৰ বৰ্ধমান জিলাৰ আণ্ডালৰ পৰা উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক ৷ সোণাৰি আৰক্ষীৰ তৎপৰাত আণ্ডাল আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকদ্বয়ক ৷ লগতে ঘটনাৰ লগত জড়িত এজনক পিষ্টলসহ আটক কৰিছে আৰক্ষীয়ে ৷
এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল
এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷
সেৱা ব্যাহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে
মঙলবাৰৰ পৰা পুনৰ আগৰ দৰে কাৰ্যক্ষম হ’ল ফেচবুক, হোৱাটচ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ৷ সোমবাৰে হঠাৎ ফেচবুকৰ অধীনস্থ বিভিন্ন সেৱাসমূহ ব্যাহত হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবৰ্গে ৷