মৰাণ,6 ফেব্ৰুৱাৰী: 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া জনসভাত অংশগ্ৰহণৰ বাবে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ এই জনসভাৰ পৰাই চৰাইদেউত নিৰ্মাণ হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ চৰাইদেউ জিলা চিকিৎসালয়ৰ কাষতে প্ৰায় ১০০ বিঘা মাটিত নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷ এই পদক্ষেপে চৰাইদেউবাসীৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷ নিৰ্মান হ’বলগীয়া এই চিকিৎসালয়খনৰ পৰা কেৱল চৰাইদেউ বাসীয়ে নহয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ জনসাধাৰণো উপকৃত হ’ব ৷
প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ
7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া জনসভাৰ পৰাই চৰাইদেউত নিৰ্মাণ হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ এই পদক্ষেপে চৰাইদেউবাসীৰ দীৰ্ঘদিনীয়া এক সপোন পূৰণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷
7 ফেব্ৰুৱাৰীত চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
উল্লেখ্য যে, বিগত প্ৰায় পাঁচবছৰীয়া শাসনকালত বিজেপি চৰকাৰখনে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে ৰাইজৰ বাবে বিভিন্ন আঁচনি মুকলি কৰি তথা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাটো ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা বূলি আখ্যা দিছে বিভিন্ন মহলে ৷
লগতে পঢ়ক-বৃহৎ সমস্যা সমাধানৰ দিশে মাজুলীঃ ধূনাগুৰি ঘাটত নিৰ্মাণ হ'ব পকী দলং