অসম

assam

By

Published : Jun 4, 2021, 10:09 PM IST

ETV Bharat / state

চৰাইদেউৰ নামতোলাত ব্ৰাউন চুগাৰসহ আটক দুই অৰুণাচলী

ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা জিলাখনৰ নামতোলাৰ পৰা দুই অৰুণাচলী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । যথেষ্ট পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে সৰবৰাহ কাৰ্যত ব্যৱহৃত AS-০৬-U-৬৪৯১ নম্বৰৰ এখন স্কুটিও জব্দ কৰে আৰক্ষীয়ে । আটকাধীন দুই ব্যক্তিৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

charaideo
ব্ৰাউন চুগাৰসহ আটক দুই অৰুণাচলী

মৰাণ, ৪ জুন : ৰাজ্যৰ বিভিন্ন জিলাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰী আৰু ব্যৱসায়ী জালত পৰিছে আৰক্ষীৰ । শুকুৰবাৰে পুনৰ চৰাইদেউ জিলা চলিল অসম আৰক্ষীৰ অভিযান ।

ব্ৰাউন চুগাৰসহ আটক দুই অৰুণাচলী

ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা জিলাখনৰ নামতোলাৰ পৰা দুই অৰুণাচলী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । যথেষ্ট পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে সৰবৰাহ কাৰ্যত ব্যৱহৃত AS-০৬-U-৬৪৯১ নম্বৰৰ এখন স্কুটিও জব্দ কৰে আৰক্ষীয়ে । আটকাধীন দুই ব্যক্তিৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

ব্ৰাউন চুগাৰসহ আটক দুই অৰুণাচলী

আটকাধীন ব্যক্তি দুজনৰ নাম ওৱাংগে ওৱাংজেন আৰু পিংছাই তিংগখাত্ৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে নামতোলা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীৰ জালত পৰিছে এই দুই ড্ৰাগছ সৰবৰাহকাৰী ।

লগতে পঢ়ক:ঠিকনা সলনি হ’ব সৰ্বানন্দ সোণোৱালৰ !

ABOUT THE AUTHOR

...view details