অসম

assam

ETV Bharat / state

উপমান্যু হাজৰিকাৰ বেনাৰে মূৰৰ কামোৰণি বঢ়াইছে বিজেপি কংগ্ৰেছৰ

মহানগৰীৰ বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ লগাই গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰজোটক প্ৰত্যাহ্বান নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাৰ

By

Published : Mar 16, 2019, 8:39 PM IST

উপমান্যুৰ বেনাৰে মূৰৰ কামোৰণি বিজেপি কংগ্ৰেছৰ

উপমান্যু হাজৰিকা

গুৱাহাটী, 16 মাৰ্চঃ অসম খিলঞ্জীয়াৰ হৈ থাকিবনে? অসমীয়াই কিমান ঠগ খাব? অসমীয়াক কোনো ঠগিলে? এনেবোৰ শ্ল'গানে এতিয়া মূৰৰ কামোৰণি হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোট আৰু কংগ্ৰেছ দলৰ ৷ মহানগৰীৰ বিভিন্ন ঠাইত এনেদৰে বেনাৰ পোষ্টাৰ লগাই গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰজোটক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাই ৷ সময়ে সময়ে বিভিন্ন দুৰ্নীতি ভষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি অহা উপমান্যু হাজৰিকাই এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । তাৰ পাচতে এনেদৰে খিলঞ্জীয়া অধিকাৰ আৰু দুৰ্নীতিৰ শ্ল'গানৰে বিজেপি মিত্ৰজোট আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰে এসময়ত RSS আৰু হিন্দুত্ববাদী দল সংগঠনক সমৰ্থন কৰাৰ অভিযোগ থকা নেতা উপমান্যু হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details