গুৱাহাটী, 8 মেঃ দিন-দুপৰতে মহানগৰীৰ বৰাগাঁৱত সংঘটিত হ'ল চুৰিকাণ্ড। বৰাগাঁওস্থিত মহিন্দ্ৰা ৱাৰ্কাছৰ সন্মুখৰ পৰা চোৰে লৈ যায় এখন পালচাৰ ১৫০ বাইক । প্ৰতিষ্ঠানটোত কৰ্মৰত গৌতম দাস নামৰ কৰ্মচাৰীজনে প্ৰতিদিনৰ দৰেই বুধবাৰেও মহিন্দ্ৰা ৱাৰ্কাছৰ সন্মুখত ৰাখিছিল AS-01DU-3574 নম্বৰৰ নিজৰ দুচকীয়া বাহনখন ।
গুৱাহাটীত আৰক্ষীৰ চকুৰ সন্মুখতে চোৰে সৰকালে বাইক
মহানগৰীত দিন দুপৰতে বাইক চুৰিৰ ঘটনা ৷ বৰাগাঁওস্থিত মহিন্দ্ৰা ৱাৰ্কাছৰ সন্মুখৰ পৰা আৰক্ষীৰ সন্মুখতেই চোৰে লৈ যায় এখন পালচাৰ 150 বাইক ৷
চুৰি হোৱা বাইকখন
কিন্তু যেতিয়া ঘৰলৈ যাবলৈ বুলি ওলাই আহি উক্ত স্থানত তেওঁৰ বাহনখন দেখা নাপায় তেতিয়ালৈকে চোৰে লৈ উধাও হয় বাইক ৷ ইফালে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় প্ৰতিষ্ঠানখনৰ বাহিৰত সংস্থাপিত চিচি কেমেৰাত। ইতিমধ্যে ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষী থানাত ভুক্তভোগী গৌতম দাসে দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে চিচি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি চোৰৰ সন্ধানত চলাইছে অভিযান। কিন্তু দিন দুপৰতে সদাব্যস্ত এটা অঞ্চলত এনে চুৰিকাণ্ডই স্বৰূপ উদঙাই দিছে মহানগৰ আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা দিশটো