অসম

assam

ETV Bharat / state

উগ্ৰতাৰা মন্দিৰত অতি শীঘ্ৰেই স্থাপন কৰা হ'ব নতুনকৈ নিৰ্মাণ হোৱা বিগ্ৰহ

2 মে'ত উগ্ৰতাৰা মন্দিৰত স্থাপন কৰিব নতুনকৈ নিৰ্মাণ হোৱা বিগ্ৰহ । উগ্ৰতাৰা মন্দিৰৰ দলৈয়ে দিয়া তথ্য অনুসৰি প্ৰশাসনে পুৰণি বিগ্ৰহ উদ্ধাৰ কৰিলে দুয়ো বিগ্ৰহক একেলগে স্থাপন কৰি ৰাখিব মন্দিৰত

2 মে'ত উগ্ৰতাৰা মন্দিৰত স্থাপন কৰিব নতুনকৈ নিৰ্মাণ হোৱা বিগ্ৰহ

By

Published : Apr 27, 2019, 9:01 PM IST

গুৱাহাটী, 27 এপ্ৰিলঃ উগ্ৰতাৰা মন্দিৰত বিগ্ৰহ স্থাপনৰ বাবে ধাৰ্য কৰা হ'ল নিৰ্দিষ্ট দিন । পুৰণি বিগ্ৰহ চুৰি হোৱাৰ প্ৰায় ছমাহৰ পাচতো প্ৰশাসনে বিগ্ৰহ উদ্ধাৰ কৰিব নোৱাৰাৰ বাবে দলৈ সমাজৰ লগতে স্থানীয় ৰাইজ আৰু ভক্ত সকলে একেলগ হৈ পুৰণি বিগ্ৰহৰ দৰে আন এক বিগ্ৰহ নিৰ্মাণ কৰে । অসমৰ বাহিৰৰ এজন শিল্পীয়ে নিৰ্মাণ কৰা বিগ্ৰহটো নিৰ্মাণ প্ৰায় শেষ হোৱাৰ পিচত বৰ্তমান বিগ্ৰহ গুৱাহাটীলৈ অনা হৈছে ।

আৰু পঢ়কঃ জলসিঞ্জন বিভাগত দুৰ্নীতিৰ বজাৰ!

অহা 2 মে'ত উগ্ৰতাৰা মন্দিৰত স্থাপন কৰিব নতুনকৈ নিৰ্মাণ হোৱা বিগ্ৰহ । নিৰ্দিষ্ট দিন ধাৰ্য কৰি উগ্ৰতাৰা মন্দিৰৰ দলৈয়ে কয় যে পুৰণি বিগ্ৰহ যদি প্ৰশাসনে উদ্ধাৰ কৰে দুয়ো বিগ্ৰহক একেলগে স্থাপন কৰি ৰখা হ'ব মন্দিৰত । 1 মে' অৰ্থাৎ বুধবাৰে বিগ্ৰহ আদৰাৰ লগতে 2 মে'ত বিগ্ৰহ স্থাপনৰ লগত সংঘটি ৰাখি বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে মন্দিৰৰ কমিটিৰ লগতে ভক্ত সকলে ৷

ABOUT THE AUTHOR

...view details