অসম

assam

ETV Bharat / state

দৰঙৰ মাগুৰমাৰী হত্যাকাণ্ডৰ লগত জড়িত ৪ জন আটক

বিগত তিনি মাৰ্চত মাগুৰমাৰী চৰত কাম কৰি থকা অৱস্থাত তমিজুদ্দিন নামৰ ব্যক্তি গৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল সাত জনীয়া এটা দুৰ্বৃত্তৰ দলে

By

Published : Mar 6, 2019, 11:04 PM IST

darrang

murder

দৰং, 6 মাৰ্চঃ দৰঙৰ মাগুৰমাৰী চৰত বিগত তিনি মাৰ্চত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত ধূলা আৰক্ষীৰ অভিযান ৷ অভিযানত আটক 4 অভিযুক্ত ৷ বিগত তিনি মাৰ্চত মাগুৰমাৰী চৰত কাম কৰি থকা অৱস্থাত তমিজুদ্দিন নামৰ ব্যক্তি গৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল সাত জনীয়া এটা দুৰ্বৃত্তৰ দলে ৷ ঘটনা সন্দৰ্ভত নিহতৰ আত্মীয় মহিৰ আলিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে ধূলা আৰক্ষীয়ে অভিযান চলাই সমেশ আলি,জয়নাল আব্দিন , ইব্ৰাহিম আলি আৰু ওৱাজকৰুনী গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, ঘটনাৰ লগত জড়িত লোকমান আলী, হবিবুৰ ৰহমান আৰু হানিফ আলি বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details