কাছাৰ, 1 ডিচেম্বৰ :কাছাৰ জিলাৰ বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে সোমবাৰে কেইবাটাও ঠাই পৰিদৰ্শন কৰে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথ, আৰক্ষী উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে আৰু আৰক্ষী অধীক্ষক বনোৱাৰী লাল মিনায়ে । ক্ষেত্ৰ পৰিদৰ্শন কৰি তেওঁলোকে সৰুদূতপাতিল বাঘমাৰ আৰু মাছুঘাট পঞ্চায়তৰ অন্তৰ্গত অন্নপূৰ্ণা ঘাটত আৰক্ষী চকী নিৰ্মাণৰ বাবে বাচনি কৰে ।
বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কিশোৰ নাথে - কাছাৰ
মাছুঘাট গাঁও পঞ্চায়ত আৰু সৰুদূতপাতিল বাঘমাৰত আৰক্ষী চকী নোহোৱাৰ বাবে স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ যাৰ বাবে অঞ্চল দুটাৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনক অঞ্চলটোত একোখনকৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে আহ্বান জনাই আহিছিল ৷ জনতাৰ আহ্বানক্ৰমে সোমবাৰে বৰখলাৰ স্থানীয় বিধায়কে আৰক্ষীৰ শীৰ্ষ বিষয়াক লৈ আৰক্ষী চকী নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে ৷
ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত দলটোৱে সৰুদূতপাতিল বাঘমাৰ আৰু মাছুঘাট গাঁও পঞ্চায়তৰ অন্নপূর্ণা ঘাটত শীঘ্ৰে আৰক্ষী চকী নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে । আৰক্ষী চকীৰ দুখনৰ নাম সৰুদূতপাতিল বাঘমাৰ আৰক্ষী চকী আৰু অন্নপূর্ণা ঘাট ৰিভাৰ পুলিচ ষ্টেচন ৰখা হ’ব বুলি দলটোৰ নেতৃবৃন্দই জানিবলৈ দিয়ে । উল্লেখ্য যে,মাছুঘাট গাঁও পঞ্চায়ত আৰু সৰুদূতপাতিল বাঘমাৰত আৰক্ষী চকী নোহোৱাৰ বাবে স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ যাৰবাবে অঞ্চলদুটাৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনক অঞ্চলটোত একোখনকৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে আহ্বান জনাই আহিছিল ৷
লগতে পঢ়ক: আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ