শিলচৰ, 24 মাৰ্চঃ সাৰ চিণ্ডিকেটক লৈ শনিবাৰে নিশা উত্তপ্ত হৈ পৰিলশিলচৰ আৰক্ষী চকীৰ চৌহদ ৷ শাসকীয় দলৰ চাৰিগৰাকীকৈ বিধায়কে কেইবাখনো ট্ৰাক জব্দ কৰি আৰক্ষীক চমজাই দিয়াক লৈ প্ৰাক্তন বিধায়িকা ৰুমী নাথসহ বহু কংগ্ৰেছী সমৰ্থকে আৰক্ষী চকীৰচৌহদত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ৷
সাৰ চিণ্ডিকেটক লৈ কাছাৰত বিজেপি আৰু কংগ্ৰেছৰ খণ্ড যুদ্ধ
শিলচৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
তথ্য অনুসৰি নিশাৰ ভাগত শিলচৰ আৰক্ষীয়ে অবৈধভাৱে সাৰ কঢ়িওৱা 11খনকৈ ট্ৰাক জব্দ কৰে ৷ তেনে পৰিস্থিতিৰ মাজতে থানা চৌহদত উপস্থিত হয় বৰখলাৰ বিধায়ক কিশোৰ নাথ, সোনাইৰ বিধায়ক আমিনুল ইছলাম লস্কৰ, কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈন আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ সোম ৷ শিলচৰ আৰক্ষী চকীত উপস্থিত হৈ বিধায়ককেইজনে আৰক্ষীৰ সৈতে প্ৰথমে খণ্ডযুদ্ধত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন বিধায়িকা ৰুমী নাথৰ নেতৃত্বত এটাদলআহি আৰক্ষী চকী চৌহদত উপস্থিত হয় ৷ তেনে পৰিস্থিতিতে দুয়োটা গোটেই ট্ৰাকসমূহ কৰায়ত্ত কৰাৰ অজুহাত লৈখণ্ড যুদ্ধত লিপ্ত হৈ পৰে ৷