অসম

assam

ETV Bharat / state

ক’ভিড প্ৰতিষেধকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শৰণাপন্ন ৰাজ্য চৰকাৰ

শিলচৰ মেডিকেল কলেজত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে হাস্পতালৰ বিভিন্ন বিভাগৰ চিকিৎসক সকলৰ সৈতেও এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

ক’ভিড প্ৰতিষেধকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শৰণাপন্ন ৰাজ্য চৰকাৰ
ক’ভিড প্ৰতিষেধকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শৰণাপন্ন ৰাজ্য চৰকাৰ

By

Published : May 18, 2021, 10:51 PM IST

কাছাৰ, 18 মে’: মঙলবাৰে শিলচৰ মেডিকেল কলেজত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে হাস্পতালৰ বিভিন্ন বিভাগৰ চিকিৎসক সকলৰ সৈতেও এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

ৰাজ্যত ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্দ্ধনৰ সৈতেও এক আলোচনাত মিলিত হয় আৰু ৰাজ্যক ক’ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ সাংবাদিক সকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

ক’ভিড প্ৰতিষেধকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শৰণাপন্ন ৰাজ্য চৰকাৰ

ৰাজ্যত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে যৎপোৰনাস্তি চেষ্টা অৱ্যাহত ৰাখিছে ৷ শিলচৰ মেডিকেল কলেজত পূৰ্বৰ তুলনাত আসনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে আৰু শিলচৰত নতুনকৈ অক্সিজেন প্লান্তৰ সংখ্যাও বৃদ্ধি কৰা হ’ব বুলি মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

বৰ্তমানলৈ ৰাজ্যখনত ৩,৩৫,০২৩ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ২,৮৬,৪৬৩ গৰাকী লোক । ৰাজ্যত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ ৮৫.৫০ শতাংশ । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৪,৯৪২ গৰাকী । ইয়াৰে গৰিষ্ঠ সংখ্যকেই হোম আইচ'লেচনত আছে । ইফালে এতিয়ালৈ ৰাজ্যৰ ৩৪.৭০ লাখ লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৭.২৯ লাখ লোকে প্ৰথম পালি আৰু ৭.৪১ লাখ লোকে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয় পৰিৰ্দশন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

ABOUT THE AUTHOR

...view details